ছবিগৃহত নহয় এইবাৰ অ’টিটি প্লেটফৰ্মত উপলব্ধ হ’ব অসমীয়া বোলছবি ব্লেক এন হোৱাইট

0
86

ছবিগৃহত নহয় এইবাৰ অ’টিটি প্লেটফৰ্মত উপলব্ধ হ’ব অসমীয়া বোলছবি ব্লেক এন হোৱাইট

অসমীয়া চলচ্চিত্ৰ ব্লেক এন হোৱাইট আনুষ্ঠানিকভাৱে ৰাজ্যজুৰি ছবিগৃহৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল। এতিয়াৰ পৰা অ’টিটি প্লেটফৰ্ম চিএনডি প্লে’ত উপলব্ধ হ’ব ছবিখন।

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত অভিনেতা ৰবি শৰ্মা আৰু প্ৰযোজক ৰোহিত শৰ্মাই চিনেমাখন সকলো হলৰ পৰা ছবিখন প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। আৰু ছবিখন এতিয়া চিএনডি প্লে’ত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে।

তেওঁলোকে জানিবলৈ দিয়া মতে দৰ্শকৰ পৰা উপযুক্ত সঁহাৰি পোৱাৰ পিছতো বহু স্থানত অনুপযুক্ত প্ৰদৰ্শনীৰ সময়েই হৈছে এই সিদ্ধান্তৰ আঁৰৰ কাৰণ। সংবাদমেলত প্ৰযোজক ৰোহিত শৰ্মাই কয়, “আমি চিনেমাখন সকলোৰে বাবে নিজ নিজ সুবিধা অনুসৰি চাব পৰাকৈ উপলব্ধ কৰিম।

এতিয়া সময় আৰু অৱস্থানৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহ’ব। অসমৰ বাহিৰত থকা ব্যক্তিসকলেও কোনো অসুবিধা নোহোৱাকৈ এতিয়া চিনেমাখন চাব পাৰিব।”

তেওঁ লগতে কয় যে “আমি দূৰৱৰ্তী অঞ্চলসমূহত স্থানীয়ভাৱে স্ক্ৰীণিংৰো পৰিকল্পনা কৰি আছো। এইক্ষেত্ৰত যিকোনো লোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে, আমি ছবিখন উপলব্ধ কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিম”,