24.2 C
Guwahati
Saturday, September 18, 2021
More

    সাংস্কৃতিক জগতৰ বাবে দুখবৰ, জনপ্ৰিয় অভিনেতা তথা তেজপুৰৰ প্ৰথমটো ইউটিউব ছিলভাৰ বাটন লাভ কৰোতা নয়নমণি শইকিয়া গ’লগৈ

    অসমৰ সাংস্কৃতিক জগতৰ বাবে দুখবৰ। কোভিডত প্ৰাণ হেৰুলালে আনএগৰাকী জনপ্ৰিয় অভিনেতাই। জনপ্ৰিয় অভিনেতা তথা তেজপুৰৰ প্ৰথমটো ইউটিউব ছিলভাৰ বাটন লাভ কৰোতা নয়নমণি শইকিয়া গ’লগৈ।

    কভিডে প্ৰাণ কাঢ়িলে নয়নমণি শইকীয়াৰ। তেজপুৰ হাস্পতালত মৃত্যু হয় অভিনেতা নয়মমণি শইকীয়াৰ। পেছাদাৰী -অপেছাদাৰী বহুতো নাটক, ধাৰাবাহিক , বোলছবি আদিত অভিনয় কৰিছেল শইকীয়াই।

    নিজৰ অভিনয়েৰে বহু দৰ্শকৰে হৃদয় জয় কৰিচিল তেখেতে। দেওবাৰ ২৫ জুলাই তাৰিখে মৃত্যু হয় অভনেতাগৰাকীৰ।

    অৰুণোদয় নানেৰে এক ইউটিউব চেনেল আছিল অভিনেতাগৰাকীৰ। যি ইউটিউব চেনেলটোৱে তেজপুৰৰ প্ৰথমটো ছিলভাৰ বাটন লাভ কৰোতা চেনেল হিচাপেও পৰিগণিত হৈছিল।

    কটন বিশ্ববিদ্যালয়ৰ এগৰাকী উদিয়মান প্ৰাক্তন ছাত্ৰ আছিল তেখেত। নয়নমণি শইকীৰয়াৰ মৃত্যুত শোকৰ ছাঁ পৰিছে তেজপুৰত।

    আৰু পঢ়ক : অঘটন, মালবাহী ট্ৰেইনে কাটিলে যুৱকৰ দুয়ো হাত দুয়ো ভৰি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং