
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ ভাবুকি এজন যুৱকৰ। ফেচবুকযোগে এই ভাবুকি প্ৰদান কৰিলে ৰাজীৱ হাণ্টাৰ ৰহমান নামৰ এইজন যুৱকে। ১০ দিনৰ ভিতৰত গুলী মাৰি হত্যা কৰাৰ ভাবুকি দিলে মন্ত্ৰীগৰাকীক।

গুলীয়াই মৰাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে অশ্লীল গালি-গালাজো কৰিলে ফেচবুকত দিয়া পোষ্টটোৰযোগে। যুৱকজনৰ এই পোষ্টটোৰ পিছতে ছচিয়েল মিডিয়াত যথেষ্ট হুলস্থুলৰ সৃষ্টি হয়।
কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ফেচবুকযোগে হত্যাৰ ভাবুকি প্ৰদান কৰিছিল সুৰজিৎ হৰ্ষ নামৰ এজন যুৱকে। পোষ্ট দিয়াৰ পিছতে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছিল অধিবক্তা বেণুধৰ নাথে। গোৰেশ্বৰ আৰক্ষীৰ সহযোগত বাক্সা আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক।