23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাত আক্ৰান্ত হৈ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

    কৰ’ণাত আক্ৰান্ত হৈ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

    কৰ’ণাৰ সংহাৰ। কালৰূপী কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ত্ৰাসিত কৰিছে দেশবাসীক। কৰ’ণাত আক্ৰান্ত হৈ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু।

    দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানত কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল সত্যেন্দ্ৰ দাস(৩২) নামৰ যুৱকগৰাকী। মৃত যুৱকগৰাকী বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী ভালাগুৰী গাঁৱৰ সুৰেন দাসৰ পুত্ৰ ।

    মহাৰাষ্ট্ৰৰ পৰাই ফোনযোগে তেওঁৰ নিজ গাঁৱৰ সহকৰ্মী মিণ্টু দাসে ঘৰলৈ এই বাৰ্তা দিয়ে। মৃত্যুৰ সময়ত সত্যেন্দ্ৰই নিজ পত্নী আৰু এগৰাকী কন্যা সন্তানক এই সংসাৰত এৰি থৈ যায়।

    কৰ্মস্থলী মহাৰাষ্ট্ৰতেই ইতিমধ্যে সত্যেন্দ্ৰৰ মৃতদেহ সৎকাৰ কৰা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।

    আৰু পঢ়ক : ভাৰতে লাভ কৰিলে তৃতীয়টো কৰ’ণা ভেকচিন,ৰাছিয়াৰ SPUTNIK V লাভ কৰিলে মঞ্জুৰী…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং