
১০ বজাৰ লগে লগে গুৱাহাটীত খুলিল সুৰাৰ বিপণী। মহানগৰীৰ প্ৰতিখন সুৰাৰ বিপনীতে লাগিছে গ্ৰাহকৰ ভিৰ। সামাজিক দূৰত্ব মানি চলাৰ নিৰ্দেশ সুৰাৰ বিপণী সমূহক। আৱকাৰী বিভাগৰ সিদ্ধান্ত অনুসৰি খুলিলে এই বিপণীসমূহ।সন্ধিয়া ৫ বজালৈ খোলা থাকিব সুৰাৰ বিপণী। লক ডাউনৰ বাবে বন্ধ হৈ আছিল সুৰাৰ বিপণী।
উল্লেখ্য যে বিপনীসমূহৰ স্বত্বাধিকাৰীয়ে তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে যাতে গ্ৰাহকৰ সৈতে সামাজিক দূৰত্ব মানি চলাৰ লগতে Covid-19 সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ নিয়মসমূহ কঠোৰভাৱে মানি চলে সেয়া নিশ্চিত কৰিব লাগিব আৰু ইয়াৰ লগতে Coivid-19 সংক্ৰান্তীয় নীতি-নিয়ম উলংঘা কৰিলে সংশ্লিষ্টসকলৰ আবকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব।
Photo Credit: Goa Biz