১৭ নহয়, ২০ তাৰিখলৈ অপৰিৱৰ্তিত হৈ থাকিব বৰষুণ, ৰেড এলাৰ্ট অসম-মেঘালয়ৰ বাবে

0
156

বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি, ১৭ জুনলৈ অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ত ধাৰাসাৰ বৰষুণ হৈ থাকিব বুলি সদৰি কৰিছিল। কিন্তু এতিয়া এই সময় পুনৰ বৃদ্ধি পাইছে।

১৭ নহয়, ২০ দুন পৰ্যন্ত অপৰিৱৰ্তনীয় হৈ থাকিব বতৰ। ধাৰাসাৰ বৰষুণ হৈ থাকিব অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত।

১৮ জুন শনিবাৰ পৰ্যন্ত দুয়োখন ৰাজ্যৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

সতৰ্ক হৈ থকাৰ আহ্বান সকলো জনসাধাৰণকে।

অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে, অৰুণাচল প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।

এই সময়ছোৱাত ধাৰাসাৰ বৰষুণৰ লগতে তাপমাত্ৰাও সামান্যতকৈ কিছু হ্ৰাস পাব বুলিও সদৰি।

ইতিমধ্যে দুয়োখন ৰাজ্যই নিজ নিজ অঞ্চলত সুৰক্ষাৰ বাবে জৰুৰীকালীন নম্বৰ আৰু সেৱা মুকলি কৰিছে জনসাধাৰণৰ বাবে।