অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীক বলপূৰ্বক বাধা আৰক্ষীৰ; গৰিহণা ৰিপুণ বৰাৰ

0
65

অলপতে অনুষ্ঠিত হৈ যোৱা অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ মুক্তিৰ দাবী আৰু সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবীত আজি অসম তৃণমূল যুৱ কংগ্ৰেছে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী তৃণমূল কংগ্ৰেছৰ যুৱ সদস্যসকলক স্তব্ধ কৰিবলৈ অসম আৰক্ষীৰ এটা দলে জঁপিয়াই পৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী সমদলটোক আৰক্ষীৰ বৃহৎ দল এটাই বাধা প্ৰদান কৰাৰ লগতে ঠেলিয়াই গতিয়াই গ্ৰেপ্তাৰ কৰি লৈ যায় যুৱ নেতা-কৰ্মীসকলক।

প্ৰতিবাদকাৰীসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত একাংশ অসাধু চক্ৰই ধনৰ বিনিময়ত চাকৰিৰ জাল পতাৰ অভিযোগ উত্থাপনৰ পাছতে গ্ৰেপ্তাৰ কৰা ভিক্টৰ দাসৰ মুক্তিৰ দাবী আৰু সাংবাদিক বনজিত ঠাকুৰীয়াক ন্যায় প্ৰদানৰ দাবীৰে শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

দলৰ যুৱ সতীৰ্থসকলক ঠেলিয়াই গতিয়াই গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দি বিজেপি চৰকাৰৰ স্বৈৰাচাৰী নীতিৰ সমালোচনাত সৰৱ হৈ পৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।

চৰকাৰখনে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা শুনিব নিবিচাৰে বুলি মন্তব্য কৰি সভাপতি বৰাই কয়, ‘চাকৰি নিযুক্তিত অনিয়ম কৰিব বিচৰা অসৎ চক্ৰৰ তথ্য দি চৰকাৰখনক সহযোগ কৰিব বিচৰা যুৱক এজনক গ্ৰেপ্তাৰ কৰি চৰকাৰে নিজৰ স্বৰূপ উদঙাই দিছে’।

আনহাতে সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত চলোৱা আৰক্ষীৰ হাৰাশাস্তিৰ ক্ষেত্ৰত ন্যায় প্ৰদানৰ দাবী জনায়।

উল্লেখ্য যে প্ৰতিবাদৰ পূৰ্বে অসম তৃণমূল যুৱ কংগ্ৰেছৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়। সভাত অসম তৃণমূল যুৱ কংগ্ৰেছৰ জিলা সভাপতিসকলো উপস্থিত থাকে। সাংগঠনিক ভেটি মজবুত কৰাৰ সন্দৰ্ভত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়।

এই সভাত অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বনদীপ দত্তৰ উপৰি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাকে ধৰি ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকি নিজৰ নিজৰ মতামত দাঙি ধৰে।

আজি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। দত্তই লগতে অসৎ চক্ৰক উদঙাই দিয়া ভিক্টৰ দাসক শীঘ্ৰে মুক্তিৰ দাবী জনায়।