‘জানুৱাৰিত পুনৰ ওলাব ১০ হাজাৰ চাকৰি’, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

0
294
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

ৰাজ্য চৰকাৰৰ লক্ষ্য বিভিন্ন বিভাগত নিবনুৱাসকলক ১ লাখ চাকৰি প্রদান কৰা। লক্ষ্য সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা।

এই লক্ষ্যৰে আগবঢ়া অসম চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে পুনৰ লৈ আহিছে এক সুখবৰ। নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাত ২০২৩ বৰ্ষৰ জানুৱাৰি মাহত ১০ হাজাৰ পদৰ বাবে পুনৰ বিজ্ঞাপন দিয়া হ’ব।

১৫ জানুৱাৰিৰ ভিতৰত এই ১০ হাজাৰ পদৰ বিজ্ঞাপন ওলাব বুলি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

এই ১০ হাজাৰ পদৰ বাবে নতুনকৈ ফৰেষ্ট বেটেলিয়নকে ধৰি কেইবাটাও বিভাগ গঠন কৰা হ’ব আৰু ইয়াৰ বাবে আজি এখন বৈঠক হ’ব বুলিও কয় মুখ্যমন্ত্ৰী শৰ্মাই।

গুৱাহাটীৰ পাণ্ডু-কামাখ্যা পথ পৰিদৰ্শন কৰিবলৈ গৈ এই মন্তব্য কৰা মুখ্যমন্ত্ৰী শৰ্মাই লগতে ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ ৮০ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলিও মন্তব্য কৰে।

ইফালে বাকি ২০ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া অহা তিনি-চাৰিমাহৰ ভিতৰত শেষ হ’ব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।