15 C
Guwahati
Thursday, January 27, 2022
More

    ভুৱা টেট নিযুক্তি : চাৰ্জশ্বিট দাখিল CID-ৰ, ৩৩ গৰাকী শিক্ষকসহ ৪০ গৰাকী অভিযুক্ত

    অসম অপৰাধ অনুসন্ধান বিভাগে (চি আই ডি) ৰাজ্যখনৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ত ভুৱা টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰে শিক্ষক পদত নিযুক্তি লাভ কৰা ৩৩ জন শিক্ষকসহ ৪০ জন ব্যক্তিক অভিযুক্ত হিচাপে চিহ্নিত কৰিছে।

    বিটিচি এলেকাত ভুৱা টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰ ওপৰত ভিত্তি কৰি নিযুক্তি লাভ কৰা ৩৩ গৰাকী শিক্ষক আৰু বাকী সাতজন অভিযুক্তৰ ভিতৰত এজন নগাঁৱৰ এখন চৰকাৰী অনুমোদিত মহাবিদ্যালয়ৰ প্ৰবক্তা, তিনিজন ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু তিনিজন অন্য ব্যক্তি বুলি চি আই ডিয়ে কয়।

    চি আই ডিয়ে শুকুৰবাৰে নিম্ন আদালতৰ সন্মুখত গোচৰটোৰ প্ৰথম অভিযোগনামা দাখিল কৰিছিল। গোচৰটো পঞ্জীয়ন কৰাৰ তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰা হয়।

    উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ ভিত্তিত চি আই ডিয়ে ৩৬ জন অভিযুক্ত ব্যক্তিৰ বিৰুদ্ধে ৩ অক্টোবৰত টেট শিক্ষকৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছিল।

    চি আই ডি, অসমে কামৰূপ (গ্ৰাম্য), চিৰাং, ওদালগুৰি, নগাঁও আৰু হোজাই জিলাত তালাচী চলাই ৩৩ জন শিক্ষক আৰু আন ৭ জনক গ্ৰেপ্তাৰ কৰিছিল।   বৰ্তমান আটাই কেইগৰাকী অভিযুক্ত কাৰাগাৰত বন্দী হৈ আছে।

    আৰু পঢ়ক : জুনিয়ৰ নেশ্যনেল ৰাগবি চেম্পিয়নশ্বিপৰ বাবে বজালীৰ ৬ গৰাকী ছোৱালী, এজন ল’ৰা নিৰ্বাচিত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং