‘লাক’ বেয়া যতীন বৰাৰ! চলচিত্ৰ উন্নয়ন বিত্ত নিগমৰ নতুন অধ্যক্ষ সুমন হৰিপ্ৰিয়া…

0
8772
ফাইল ফটো

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ভৰিৰ তলৰ মাটি হেৰাল নেকি জনপ্ৰিয় অভিনেতা যতীন বৰাৰ! এই প্ৰশ্নই এতিয়া সকলো লোকৰে মনত হৈছে। কাৰণ কা বিৰোধ নকৰাৰ বাবে ৰাইজৰ প্ৰৱল ককৰ্থনাৰ সন্মুখীন হৈ দল এৰা অভিনয়ত পাৰ্গত বহু ছবিত অভিনয় কৰি পূৰ্বে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নেতাগৰাকীৰ এতিয়া ‘লাক’ বেয়া।

প্ৰথমে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত অংশ লোৱাৰ বাবে তেওঁ চলচিত্ৰ উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ পদ এৰিবলগীয়া হৈছিল। তাৰ পিছত ৰাইজৰ মাজত থাকি তেওঁ ৰাইজৰ হৈ কাম কৰি যোৱাৰ কথা কৈছিল। কিন্তু পুনৰ চেতনা ঘূৰাই পাইছিল অভিনয়ত পাকৈত যতীন বৰাই।

আৱেগিক হৈহে ‘কা’ বিৰোধ কৰা বুলি সংবাদমেল দি পুনপ বিজেপিত যোগ দিয়া অভিনেতাগৰাকীয়ে পুনৰ চলচিত্ৰ উন্নয়ন বিত্ত নিগমৰ অধ্যক্ষ পদ পাব বুলি সকলোৱে ভাবিছিল যদিও এইবাৰ আনুষ্ঠানিকভাৱে সেই পদ হেৰুৱালে তেওঁ। চলচিত্ৰ উন্নয়ন বিত্ত নিগমৰ নতুন অধ্যক্ষ সুমন হৰিপ্ৰিয়া। শেহতীয়াকৈ হাজোৰ বিধায়কগৰাকীক এই পদত নিযুক্তি দিছ ৰাজ্য চৰকাৰে।