25 C
Guwahati
Friday, September 17, 2021
More

    সীমা বিবাদ কংগ্ৰেছে সৃষ্টি কৰি থৈ যোৱা; কংগ্ৰেছৰ স্থিতিক কটাক্ষ বিজেপিৰ

    সীমা বিবাদ কংগ্ৰেছে সৃষ্টি কৰি থৈ যোৱা; কংগ্ৰেছৰ স্থিতিক কটাক্ষ বিজেপিৰ

    অসম-মিজোৰাম সীমান্তত সোমবাৰে সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত আজি অসম ৰাজ্যিক বিজেপিয়ে এখন সংবাদমেল সম্বোধন কৰে।

    হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি দলৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে সংবাদমেল সম্বোধন কৰি অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ পাছত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ শলাগ লয়।

    সীমান্তত মিজো দুৰ্বৃত্তৰ গুলিবৰ্ষণত শ্বহীদ হোৱা অসম আৰক্ষীৰ পাঁচগৰাকীকৈ জোৱানৰ পৰিয়াললৈ ৫০ লাখকৈ টকা, আঘাতপ্ৰাপ্ত জোৱান সকললৈ ১ লাখকৈ টকা আৰু সীমান্তত কৰ্মৰত অসম আৰক্ষীৰ জোৱান সকললৈ এক মাহৰ অতিৰিক্ত দৰমহা আদায় দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা তাৎক্ষণিক পদক্ষেপৰো শালগ লয় ৰূপম গোস্বামীয়ে।

    আনহাতে, অসম চৰকাৰে বিবাদমান অসম-মিজোৰাম সীমান্তত তিনিটাকৈ অতিৰিক্ত বেটেলিয়ান মোতায়ন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে য’ত প্ৰতিটো বেটেলিয়নত ১২০০ কৈ অতিৰিক্ত জোৱান থাকিব বুলিও সংবাদমেলত ৰূপম গোস্বামীয়ে কয়।

    ইপিনে, অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ পাছত কংগ্ৰেছ দলৰ স্থিতিক লৈয়ো সমালোচনা কৰে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে।

    ৰূপম গোস্বামীয়ে সীমান্ত সমস্যা কংগ্ৰেছে সৃষ্টি কৰি থৈ যোৱা বুলি কটাক্ষ কৰাৰ লগতে এইক্ষেত্ৰত কংগ্ৰেছে মিজোৰাম চৰকাৰক সমালোচনা কৰিব এৰি ওলোটাই অসম চৰকাৰকহে সমালোচনাৰ লক্ষ্য হিচাপে লৈছে বুলি কয়।

    সীমান্তত গুলিয়াগুলিৰ ঘটনাৰ পাছতে মিজোৰামৰ সকলো ৰাজনৈতিক দল একেলগ হৈ মিজোৰাম চৰকাৰ পক্ষ লোৱাৰ বিপৰীতে অসমত কংগ্ৰেছে বিভাজনকামী ৰাজনীতি কৰিবলৈহে চেষ্টা কৰি আছে বুলি গোস্বামীয়ে সংবাদমেলত ক্ষোভ ব্যক্ত কৰে।

    “সীমা বিবাদ দুখন ৰাজ্যৰ মাজত থকা বিবাদ তাৰ লগত নেডাৰ কোনোধৰণৰ সম্পৰ্ক নাই, নেডা হৈছে এক ৰাজনৈতিক মঞ্চ”- গোস্বামীয়ে কয়।

    সংবাদমেলতে বিজেপিৰ আন এগৰাকী মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো সমালোচনা কৰে।

    অসম আৰক্ষী সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ বক্তব্য দুৰ্ভাগ্যজনক আখ্যা দি ভবিষ্যতে গগৈক এনেধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় পবিত্ৰ মাৰ্ঘেৰিটাই।

    “লুৰিণজ্যোতি গগৈয়ে ৰাজনীতি কৰিবলৈ বহু সময় পাব কিন্তু তেওঁ যেন অসম আৰক্ষীক এইধৰণে অপমান নকৰে”- পবিত্ৰ মাৰ্ঘেৰিটাই কয়।

    উল্লেখযোগ্য যে, হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ আৰম্ভনিতে সীমান্তত শ্বহীদ হোৱা অসম আৰক্ষীৰ বীৰ জোৱান সকললৈয়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

    আৰু পঢ়ক : আজি নহ’ব ভাৰত-শ্ৰীলংকাৰ মাজৰ দ্বিতীয় টি-২০ মেচ; ভাৰতৰ এইগৰাকী অলৰাউণ্ডাৰ কৰ’ণাত আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং