এতিয়াও ভালকৈ দাঁত গজা নাই,যাৰ বাবে খাব পৰা নাই প্ৰিয় খাদ্য, হিমন্ত মামা আৰু মোদীজী লৈ অসমৰ দুই শিশুৰ পত্ৰ

0
118
এতিয়াও ভালকৈ দাঁত গজা নাই,যাৰ বাবে খাব পৰা নাই প্ৰিয় খাদ্য, হিমন্ত মামা

এতিয়াও ভালকৈ দাঁত গজা নাই,যাৰ বাবে খাব পৰা নাই প্ৰিয় খাদ্য, হিমন্ত মামা আৰু মোদীজী লৈ অসমৰ দুই শিশুৰ পত্ৰ

অসমৰ দুটি শিশুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক ব্যতিক্ৰমী চিঠি।এক বিশেষ আহ্বান কৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিছে দুই কনমানিয়ে।

দুই কনমানিয়ে তেওঁলোকৰ সমস্যাটোৰ সমাধান বিচাৰি হস্তক্ষেপ বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত মামাৰ। শেষ আশা-ভৰষা যেন হিমন্ত মামা আৰু মোদীজী।

৬ বছৰীয়া শিশু ৰাওজা আৰু তেওঁৰ ৫ বছৰীয়া ভাতৃ আৰিয়নে এই চিঠি লিখিছে। তেওঁলোক ভুগা সমস্যাটো হৈছে দাঁত। তেওঁলোকৰ গাখীৰ দাঁত সৰাৰ পিছত নতুনকৈ দাঁত(Adult teeth) গজা নাই। এই বিষয়ে অভিযোগ তুলিছে ২ কনমানিয়ে।

দুই শিশুই লিখেছে যে তেওঁলোকৰ এতিয়াও ভালকৈ দাঁত গজা নাই যাৰ বাবে তেওঁলোকৰ প্ৰিয় খাদ্যসমূহ খোৱাৰ ক্ষেত্ৰত সমস্যা আহি পৰিছে।

ৰাওজাই লিখিছে যে ”মৰমৰ হিমন্ত মাম। মোৰ এতিয়াও ৫টা দাঁত গজা নাই।অনুগ্ৰহ কৰি এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰক কিয়নো মই মোৰ প্ৰিয় খাদ্যত জুতি ল’ব পৰা নাই”।

আৰিয়নে লিখিছে ”মৰমৰ মোদী জী। মোৰ ৩টা দাঁত এতিয়াও গজা নাই। অনুগ্ৰহ কৰি কিবা ব্যৱস্থা গ্ৰহণ কৰক কিয়নো মই মোৰ প্ৰিয় খাদ্য খাব পৰা নাই”।

এই বিষয়ো শিশু দুটিৰ খুড়াকে ফেচবুকত পোষ্ট কৰি লিখিছে যে ”বিশ্বাস কৰক মই ঘৰত নাই, মই কামত আছো। মোৰ ভতিজীয়ে এই পত্ৰ লিখিছে”।

https://www.facebook.com/themukhtar9/posts/4140505636075756

দুই শিশুৰ এই মৰমলগা চিঠিখন সমগ্ৰ ছ’চিয়েল মিডিয়াতে ভাইৰেল হৈ পৰিছে।

আৰু পঢ়ক : উৰিত সেনা বাহিনীৰ অভিযানত এজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত, আন এজন আটক