ৰাজ্যত ১০ শতাংশৰ তললৈ নামিল পজিটিভিটিৰ হাৰ, চাওক আজিৰ আক্ৰান্তৰ সংখ্য়া
কিছু সকাহৰ খবৰ। অসমত বিগত দিন কেইটাৰ তুলনাত আজি কিছু পৰিমানে ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
আজিৰ দিনটোত ৪৩,৫৮৭ গৰাকী লোকৰ কৰা ক’ভিড টেষ্টৰ ভিতৰত ৰাজ্যখনত ৪১৮৯ গৰাকী লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে।
পজিটিভিটিৰ হাৰ ৯.৬১ শতাংশলৈ হ্ৰাস পাইছে।
ইফালে, মঙলবাৰে ৰাজধানী চহৰ গুৱাহাটীতো কৰ’ণা আক্ৰান্তৰ সংখ্যা সামান্য পৰিমানে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
আজিৰ দিনটোত গুৱাহাটী মহানগৰীৰ ৯৯৮ গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত।
অৱশ্যে উদ্বেদজনক কথাটো হ’ল আজিৰ দিনটোত ১৯ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে।
ক’ভিড সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয়, ‘আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু ক’ভিড-১৯ প্ৰটোকল কঠোৰভাৱে অনুসৰণ কৰাৰ প্ৰয়োজন। কেৱল ভেকছিনেহে ভাইৰাছটো প্ৰতিৰোধ কৰিব পাৰে আৰু সেয়ে মই সেই সকল লোকক অনুৰোধ জনাইছো যিসকলে তেওঁলোকৰ দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকে যেণ ইয়াক সম্পূৰ্ণ কৰে’।
উল্লেখ্য যে, ৰাজ্যখনত এতিয়াও প্ৰায় ৫০ লাখ লোক দ্বিতীয় পালি ভেকচিন ল’বলৈ বাকী আছে। চৰকাৰে ফেব্ৰুৱাৰিৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছে।
আৰু পঢ়ক : কুকুৰৰ গাখীৰ খোৱা বান্দৰক লৈ বাক্সাত কৌতুহল, ভিডিঅ’ ভাইৰেল