ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস, কিন্তু উদ্বেগজনক হৈ আছে মৃত্যুৰ সংখ্যা

0
329
'কেন্দ্ৰই লুকুওৱা নাই ক'ভিডৰ মৃত্যুৰ সংখ্যা', কংগ্ৰেছৰ অভিযোগক নসাৎ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস, কিন্তু উদ্বেগজনক হৈ আছে মৃত্যুৰ সংখ্যা

অসমত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোত নতুনকৈ ২৮৬১ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে।

ইফালে আজিৰ দিনটোত কৰ’ণাৰ ফলত ২১ জন ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আজি আক্ৰান্তৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৫৯৯ গৰাকী আক্ৰান্ত হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে এই কথা জানিবলৈ দিয়ে।

জানিব পৰা মতে আজিৰ দিনটোত ৰাজ্যখনত মুঠ ৪১,১৩৪ গৰাকী লোকৰ কৰ’ণা টেষ্ট কৰা হৈছিল। পজিটিভিটি হাৰ হ’ল ৬.৯৬ শতাংশ।

ইপিনে আৰোগ্যৰ হাৰ হৈছে ৯৪.৪১ শতাংশ।

উল্লেখ্যে যে, ক্ৰমান্বয়ে ক’ভিড পজিটিভিটি হ্ৰাস পাবলৈ ধৰিছে যদিও মৃত্যুৰ সংখ্যাৰ হাৰ অপৰিৱৰ্তিত ৰূপত থকাই পৰিলক্ষিত হৈছে যিটো চিন্তনীয়।

২৭ জানুৱাৰিত ২০ গৰাকী, ২৬ জানুৱাৰিত ২১ গৰাকী, ২৫ জানুৱাৰিত ১৯ আৰু ২৪ জানুৱাৰিত ১৮ গৰাকী লোকৰ ক’ভিডত মৃত্যু হৈছিল।

আৰু পঢ়ক : বাজেট অধিৱেশনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত; অনন্ত নাগেশ্বৰণক মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দায়িত্ব