
অসম সচিবালয়ৰ কৰ্মচাৰী বিবেক দাসৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ
অসম সচিবালয়ৰ কৰ্মচাৰীৰ আত্মহত্যা। কৰ্মচাৰী বিবেক দাসৰ চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ । নিজ গৃহৰ কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কৰ্মচাৰী গৰাকীৰ নিতৰ মৃতদেহ।
গুৱাহাটী মহানগৰৰ জৱাহৰনগৰৰ হাউছিং কলনীত থকা বাসগৃগত এই ঘটনা সংঘটিত হৈছে। বিবেক দাস অসম সচিবালয়ত সাধাৰণ প্ৰশাসন বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক সহকাৰী বিষয়া হিচাপে কৰ্মৰত আছিল।
মৃত্যুৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত মহানগৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰৰ লগতে এখন ছুইচাইড নোটো উদ্ধাৰ কৰে। মৃত্যুৰ পূৰ্বে দাসে লিখি থৈ গৈছে এখন ছুইচাইড নোট।
উদ্ধাৰ হোৱা ছুইচাইড নোটৰ পৰা জানিব পৰা অনুসৰি, শীৰ্ষ বিষয়াৰ ককৰ্থনাৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ আছে নোটখনত।
উল্লেখ্য যে, বেবক দাসৰ প্ৰকৃত ঘৰ বৰপেটাত। আত্মহত্যাৰ দিনটোতে ২৭ ছেপ্টেম্বৰ সোমবাৰে বৰপেটাৰ গৃহৰ পৰা আহিছিল গুৱাহাটীৰ হাউছিং কলনীৰ আবাসলৈ। আৰু আহিয়েই সেই মৰ্মান্তিক ঘটনা সংঘটিত কৰে।
ঘটনাক লৈ জৱহাৰ নগৰ হাউছিং কলনীত তীব্ৰ চাঞ্চল্য। লগতে পৰিয়ালৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত দাবী, অধিক তদন্ত হওক ঘটনা সন্দৰ্ভত।
আৰু পঢ়ক : পুণৰ অনুষ্ঠিত হ’ব মেগা টীকাকৰণ অভিযান, এটা দিনতে ৪২ হাজাৰ লোকক টীকাকৰণৰ লক্ষ্য