22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসমৰ জীয়াৰী প্ৰিয়ংকাই চন্দ্ৰলৈ প্ৰেৰণ কৰিব উচ্চপ্ৰযুক্তিৰ বৈজ্ঞানিক পেইণ্টিং…

    অসমৰ জীয়াৰী প্ৰিয়ংকাই চন্দ্ৰলৈ প্ৰেৰণ কৰিব উচ্চপ্ৰযুক্তিৰ বৈজ্ঞানিক পেইণ্টিং : আজি সকলোৰে মুখত তেওঁৰ নাম। প্ৰিয়ংকা দাস ৰাজকাকতীৰ কথা প্ৰতিজন লোকৰ মুখে মুখে। কাৰণ ফ্ৰান্সৰ অন্তৰীপ অভিযন্তা হিচাপে কৰ্মৰত প্ৰিয়ংকাই সমগ্ৰ দেশবাসীকে গৌৰাম্বিত কৰিছে।

    ফ’ৰ্বছ আলোচনীত ত্ৰিশোৰ্ধৰ ত্ৰিশ প্ৰতিভাৱান সফল ভাৰতীয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী অসম কন্যা। বৰ্তমান তেওঁ ইউৰোপিয়ান স্পেচ এজেন্সিৰ মহাকাশ বিজ্ঞানী। মহাকাশক লৈ এইগৰাকী ২৯ বছৰীয়া বিজ্ঞানীয়ে অংকন কৰা এলানী উচ্চ প্ৰযুক্তিৰ বৈজ্ঞানিক পেইন্টিঙৰ বাবেই তেওঁ ফ’ৰ্বছ আলোচনীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

    উল্লেখ্য যে, তেওঁৰ এইসমূহ কাম নিৰ্বাচিত কৰা হৈছে এটা বিশেষ প্ৰকল্পৰ বাবে। যিটোক কোৱা হয় আন্তৰ্জাতিক চন্দ্ৰ বীথিকা প্ৰকল্প। তেওঁৰ চিত্ৰসমূহৰ চিপ লৈ চন্দ্ৰলৈ যাব ইউৰোপিয়ান মহাকাশ সংস্থাৰ মহাকাশ যান। যিসমূহ মহাকাশযানে চন্দ্ৰত এৰি থৈ আহিব বুলি জানিব পৰা গৈছে।

    উল্লেখ্য যে, প্ৰিয়ংকা দাস ৰাজকাকতী হৈছে দিল্লীত কৰ্মৰত চিকিৎসক ডাঃ অজন্তা বি দাস আৰু নেডফিৰ প্ৰবন্ধক মনোজ দাসৰ সন্তান। তেওঁ দিল্লীৰ ছেন্ট ষ্টিফেন কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি পেৰিছৰ ইকল পলিটেকনিকত নামভৰ্তি কৰিছিল। এইগৰাকী সফল অসম কন্যাৰ এই সু-খবৰে সকলো লোকৰে মুখত হাঁহি বিৰিঙাইছে।

    আৰু পঢ়ক : “যি কৰে কৰক, মোক মাত্ৰ হত্য়া নকৰিব”, চিঞৰি চিঞৰি প্ৰাণৰ ভিক্ষা খুজিলে যুৱতীয়ে, কিন্তু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং