হোলীৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা! ভুল পথেৰে অহাৰ ফলত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ…

0
95

হোলীৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা! ভুল পথেৰে অহাৰ ফলত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ…

হোলী দিনতে সংঘটিত আন এক বৃহৎ পথ দুৰ্ঘটনা। গুৱাহাটীত দুখন বাহনৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনা।প্ৰাথমিক খবৰ অনুসৰি গণেশগুৰি উৰণীয়া সেতুতে সংঘটিত হৈছে এই দুৰ্ঘটনা।

তথ্য অনুসৰি, ফ্লাই অভাৰত এখন ফৰ্চুনাৰ গাড়ী আৰু হুণ্ডাই i10 গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।কিন্তু উৰণীয়া সেতুখনত ডিভাইডাৰৰ সীমা স্পষ্টকৈ নিৰ্ধাৰণ কৰাৰ বাবে দুয়োখন বাহনে কেনেকৈ মুখামুখি সংঘৰ্ষৰ সন্মুখীন হ’ল সেয়া স্পষ্ট নহয়।

ইয়াৰে এখন বাহন পথৰ ভুল ফালে গৈ থকা বুলি ধাৰণা কৰা হৈছে।ইফালে, এই বৃহৎ দুৰ্ঘটনাটোত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই, এতিয়ালৈকে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহন দুখনৰ ভিতৰত কিমানজন লোক আছিল সেয়া স্পষ্ট নহয়।পথৰ ভুল ফালৰ পৰা অহা গাড়ীৰ চালকজন দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মদ্যপান কৰি থকা বুলি সন্দেহ কৰা হৈছে।