28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসম ৰাইফলছ আৰু আবকাৰী বিভাগৰ অভিযানত ৩৩.৭৫ লাখ টকাৰ হেৰোইন জব্দ

    অসম ৰাইফলছ আৰু মিজোৰাম আবকাৰী আৰু নাৰ্কোটিক্স বিভাগৰ এক যুটীয়া অভিযানকাৰী দলে ৩৩.৭৫ লাখ টকাৰ হেৰোইন জব্দ কৰিবলৈ সক্ষম হৈছে।

    এই ঘটনা সন্দৰ্ভত ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ পৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। বুধবাৰে এজন বিষয়াই এই তথ্য জনায়।

    অসম ৰাইফলছৰ এজন বিষয়াই বুধবাৰে কয় যে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু মিজোৰাম আবকাৰী আৰু নাৰ্কোটিক্স বিভাগে মঙলবাৰে হুন্থৰ ৱেং অঞ্চলত অভিযান চলাই ৭৫ গ্ৰাম হেৰোইন জব্দ কৰে।

    বিষয়াগৰাকীয়ে লগতে কয় যে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক আবকাৰী আৰু নাৰ্কোটিক্স বিভাগক হস্তান্তৰ কৰা হৈছে।

    ইফালে, আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে যে ৰাজ্যিক আৰক্ষী আৰু অসম ৰাইফলছে ২০২০ চনৰ অক্টোবৰৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈ ৬ কোটি টকাৰ মূল্যৰ মুঠ ২৩.৬ কিলোগ্ৰাম মেথাম্ফেটামিন টেবলেট জব্দ কৰিছে।

    আৰু পঢ়ক : পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ নিৰ্বাচন আয়োগৰ জাননি, ৪৮ ঘণ্টাৰ ভিতৰত দিব লাগিব উত্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং