32 C
Guwahati
Sunday, September 19, 2021
More

    কংগ্রেছৰ ৫ গেৰাণ্টিৰ অন্যতম চাকৰি গেৰাণ্টি অভিযানৰ আৰম্ভণি, ৭০ হাজাৰতকৈ অধিক পঞ্জীয়ন

    কংগ্রেছৰ ৫ গেৰাণ্টিৰ অন্যতম চাকৰি গেৰাণ্টি অভিযানৰ আৰম্ভণি, ৭০ হাজাৰতকৈ অধিক পঞ্জীয়ন। এইবাৰ ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লৈছে ৫টা গেৰাণ্টি। জেষ্ঠ কংগ্রেছ নেতাই সামাজিক মাধ্যমতো “কংগ্রেছৰ5 ৫ গেৰাণ্টি” অভিযানৰ ব্যাপক প্ৰচাৰ চলাইছে।

    তাৰেই অন্যতম হৈছে নিবনুৱাক চাকৰি। মাত্ৰ কেইদিনমানৰ ভিতৰতে এই অভিযানত www.Congressor5Guarantee.in ৱেবচাইটত এতিয়ালৈ ৭০০০০ তকৈ অধিক পঞ্জীয়ন ভূক্ত হৈছে। কংগ্রেছ দলে বছৰি এক লাখকৈ পাঁচ বছৰত সৰ্বমুঠ পাঁচ লাখ চৰকাৰী চাকৰি দিয়াৰ বাবে গেৰাণ্টি দিছিলে। তাৰেই পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ লোকে পঞ্জীয়ন কৰিছে।

    কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে “এতিয়ালৈ ৭০০০০ ৰো অধিক লোকে চাকৰি গেৰাণ্টি অভিযানত পঞ্জীয়ন কৰি কংগ্রেছ দলৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে। অসমৰ যুৱক সকলে এতিয়া কংগ্রেছ দলৰ চৰকাৰ অহাটো অপেক্ষা কৰি আছে যাতে তেওঁলোকৰ আশা আকাংক্ষাবোৰ পূৰণ হয়।”

    ইয়াৰ সমান্তৰালকৈ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয়, ” অসমৰ যুৱক যুৱতী সকলৰ সৱলীকৰণৰ উদ্দেশ্যেৰে কংগ্ৰেছে লোৱা চাকৰি গেৰাণ্টি অভিযানত ৭০০০০ ৰো অধিক পঞ্জীয়নে প্ৰমাণ কৰিছে যে কংগ্রেছৰ উন্নয়নশীল দৃষ্টিভংগীক তেওঁলোকে সমৰ্থন জনাইছে।”

    কংগ্রেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে কয়, “কংগ্ৰেছে অসমৰ উন্নয়নৰ পথ মুকলি কৰিব আৰু যুৱক যুৱতী সকলৰ সপোন পূৰ কৰিব। ৭০০০০ ৰো অধিক পঞ্জীয়নে ইংগিত বহন কৰিছে যে কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব।”

    আৰু পঢ়ক : উপাৰ্জনৰ নতুন পথ! মাত্ৰ ১ মিনিটৰ ভিডিঅ’ বনাই ফেচবুকৰ পৰা লাভ কৰিব ধন…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং