34 C
Guwahati
Monday, September 20, 2021
More

    সামৰিক মৰ্যদাৰে বৰপেটাৰ কদমগুৰিত শ্বহীদ নজমূল হুছেইনৰ শেষকৃত্য সম্পন্ন

    সামৰিক মৰ্যদাৰে বৰপেটাৰ কদমগুৰিত শ্বহীদ নজমূল হুছেইনৰ শেষকৃত্য সম্পন্ন – অসম-মিজোৰাম সীমান্তত সোমবাৰে মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীচালনাত শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱান নজমূল হুছেইনৰ শেষকৃত্য আজি ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন কৰা হয়।

    বৰপেটা জিলাৰ হাউলী থানাৰ অন্তৰ্গত কদমগুৰি গাঁৱত আজি পুৱা প্ৰায় ৮.৩০ বজাত আহি উপস্থিত হয় বীৰ জোৱান গৰাকীৰ নশ্বৰ দেহ।

    শ্বদীদ গৰাকীৰ মৃতদেহ নিজ জন্মভূমিত উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে।

    শ্বহীদ নজমূল হুছেইনৰ বাসগৃহত স্থানীয় বহু লোকৰ লগতে উপস্থিত হয় সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু বিধায়ক বসন্ত দাস।

    ইয়াৰ পাছতে সম্পুৰ্ণ সামৰিক মৰ্যদাৰে বীৰ শ্বহীদ গৰাকীলৈ সন্মান প্ৰদৰ্শন কৰা হয়।

    ২০০১ চনত অসম আৰক্ষীত যোগদান কৰা নজমূল হুছেইনে ইহ সংসাৰত বৃদ্ধা মাতৃৰ লগতে পত্নীসহ দুই পুত্ৰক এৰি থৈ যায়।

    নজমূল হুছেইনৰ অন্তিম যাত্ৰাত উপস্থিত থকা লোক সকলে শীঘ্ৰে কেন্দ্ৰ আৰু দুয়োখন ৰাজ্য চৰকাৰক সীমা বিবাদ নিষ্পত্তি কৰি ভাতৃঘাটি সংঘৰ্ষ পুনৰায় যাতে সৃষ্টি নহয় সেয়া নিশ্চিত কৰাৰ বাবে দাবী জনায়।

    আৰু পঢ়ক : বকচিচ নিদিয়াৰ বাবে গ্ৰাহকক দিয়াৰ আগতে খাদ্য খাই পেলালে ডেলিভাৰী যুৱকে, চাওক video

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং