নিজামুদ্দিন মাৰ্কাজৰ নেতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাত গোচৰটো ৰুজু কৰা হৈছে

0
70

গোগনে তবলিগী জামাত কৰা আৰু সমগ্ৰ দেশতে কৰ’ণা ভাইৰাছ আৰু অধিক বিয়পাই দিয়া বাবে নিজামুদ্দিন মাৰ্কাজৰ নেতাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ নেতাকে ধৰি ইয়াৰ ৰাজ্যিক শাখাৰ অন্য ৫জন নেতাৰ বিৰুদ্ধে দেওবাৰে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৭০ৰ অধীনত চাংসাৰি থানাত ৰুজু কৰা হয় এই গোচৰ।

ঈশাংকুৰ শইকীয়া নামৰ এগৰাকী উত্তৰ গুৱাহাটীৰ ডাক্তৰৰ এজাহাৰৰ ভিত্তিত কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাত গোচৰটো ৰুজু কৰা হৈছে। ডাক্তৰ শইকীয়াই অভিযোগ কৰিছে যে মাৰ্কাজৰ সদস্যসকলে জৈৱ-সন্ত্ৰাস বিয়পাই ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে।

উল্লেখ্য যে ৰাজ্যত এতিয়ালৈকে চিনাক্ত হোৱা ক’ভিড-১৯ত আক্ৰান্ত হোৱা ২৬ জনৰ ভিতৰত ২৫ জনেই নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত। আনহাতে বৰ্তমানেও মাৰ্কাজৰ জামাতত উপস্থিত থকা অন্য কেইবাজনো লোকে আত্মগোপন কৰি আছে।

মাৰ্কাজৰ নেতাৰ বাহিৰে ৰুজু কৰা গোচৰটোত নাম থকা ৫গৰাকী ব্যক্তি হৈছে, মাছুদ আজহাৰ(দক্ষিণ মান্দাকাটা), ছাহিদুৰ আহমেদ(মান্দাকাটা), আকিবুৰ জামান(মান্দাকাটা), হাফিজ আব্দুল মান্নান লস্কৰ(আমিনগাওঁ), আৰু আব্দুল খান(আমিনগাওঁ)।

Photo Credit: Livemint