26 C
Guwahati
Friday, September 17, 2021
More

    ছয় গৰাকী আৰক্ষীৰ জোৱান হত্যাকাৰীৰ সন্ধান দিওতালৈ অসম আৰক্ষীৰ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

    ২৬ জুলাইত অসম-মিজোৰাম সীমান্তত অসম আৰক্ষীৰ জোৱান ক বৰ্বৰভাৱে হত্যা কৰা ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত সন্ধান দিওতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে।

    বুধবাৰে অসম আৰক্ষীৰ তৰফৰ পৰা এছডিজিপি জি পি সিঙে টুইটাৰযোগে এই পুৰস্কাৰৰ কথা ঘোষণা কৰে।

    আনহাতে, অসম আৰক্ষীৰ জোৱানক হত্যাৰ ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০(বি)ৰ ৪৪৭,৩৩৬,৩৭৯,৩৩৩,৩০৭,৩০২ নম্বৰত আৰু অস্ত্ৰ আইনৰ ধাৰা ২৫(১-এ) আৰু ৰাজহুৱা সম্পত্তি ধ্বংস আইন ১৯৮৪-ৰ ধাৰা-৩-ৰ অধীনত কাছাৰৰ ঢলাই আৰক্ষী থানাত এটা গোচৰো ৰুজু কৰা হৈছে।

    উল্লেখযোগ্য যে, ২৬ জুলাইত কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ পহৰাচকীৰ সমীপত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলিচালনাত ছয় গৰাকীকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

    ইতিমধ্যে, ঘটনা সংক্ৰান্তত উচিত তদন্তৰ বাবে অসম আৰক্ষীৰ এটা দলে চিআইডিৰ বিষয়াৰ সৈতে দিল্লীলৈ উৰা মাৰিছে।

    অসমৰ বিভিন্ন দল সংগঠনেও মিজোৰাম আৰক্ষীৰ এনে বৰ্বৰ কাৰ্য আৰু মিজোৰাম চৰকাৰৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে।

    আৰু পঢ়ক : সমাধান হোৱাৰ দিশে অসম-মিজোৰামৰ সীমা সমস্যা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং