
ভাড়া বেছি লোৱা চিটিবাছ,মেজিকেৰ বিৰুদ্ধে সষ্টম আৰক্ষী। অত্যাধিক ভাড়া সংগ্ৰহকাৰী চিটি বাছ-মেজিকৰ বিৰুদ্ধে যোৱা ১মাহত ৮৮টা গোচৰ ৰুজু প্ৰশাসনৰ।
একাংশ চিটি বাছৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে ৰুজু হৈছে বহু গোচৰ। উল্লেখ্য যে, অত্যাধিক ভাড়া সংগ্ৰহ কৰা বাছ-মেজিক চালকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই সমূহ গোচৰ।
পূৰ্বে এই সকলক নাকী লগাবলৈ আৰক্ষীয়ে মুকলি কৰিছিল দুটা ফোন নম্বৰ। 6901269006,6026176755 ফোন নম্বৰ মুকলি কৰিছিল আৰক্ষীয়ে।
আৰু বহু লোকে গোচৰ দিছে এই নম্বৰত আনহাতে বহু চিটি বাছে কভিডৰ নিয়ম উলংঘন কৰাৰো অভিযোগ দিছে বহু যাত্ৰীয়ে।
আৰু পঢ়ক : চাহ বাগিচা ভাঙি সেই ঠাইত বিমন বন্দৰ নিৰ্মাণ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা চাহ শ্ৰমিকৰ