উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিডৰ সংখ্যা, ৮ হাজাৰৰো অধিক লোক আক্ৰান্ত, ১৬ জনৰ মৃত্যু

0
584
উদ্বেগজনকভাৱে বৃদ্ধি ক'ভিডৰ সংখ্যা, ৮ হাজাৰৰো অধিক লোক আক্ৰান্ত, ১৬
প্ৰতিনিধিত্বমূলক চিত্ৰ

উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিডৰ সংখ্যা, ৮ হাজাৰৰো অধিক লোক আক্ৰান্ত, ১৬ জনৰ মৃত্যু

অসমত ভয়াৱহ ৰূপত বাঢ়িব ধৰিছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰে ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে।

সোমবাৰে প্ৰায় ৭০০০ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মঙলবাৰে ৰাজ্যত নতুনকৈ ৮০৭২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে।

সোমবাৰৰ মৃত্যুৰ সংখ্যা ১১ জনৰ তুলনাত, মঙলবাৰে কমেও ১৬ জন লোকৰ মৃত্যু হয়।

ইফালে ক’ভিড পজিটিভিটিৰ হাৰো সোমবাৰৰ ১০.৭৫ শতাংশৰ পৰা মঙলবাৰে ১২.৬২ লৈ বৃদ্ধি পাইছিল।

অৱশ্যে, ৰাজ্যত এতিয়াও কমি আছে ক’ভিড টেষ্টৰ সংখ্যা। মঙলবাৰে মাত্ৰ ৬৩,৯৪৪ টা টেষ্ট সম্পন্ন হৈছে।

আনহাতে কামৰূপ মেট্ৰ’ জিলাত অস্বাভাৱিক হাৰত বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা।

মঙলবাৰৰ দিনটোত কামৰূপ মহানগৰত ১৯৯৬ গৰাকী লোক আক্ৰান্ত হৈছে। সোমবাৰে, মেট্ৰ’ জিলাখনত ক’ভিডত আক্ৰান্ত হৈছিল ১৪৯১ গৰাকী লোক।

আৰু পঢ়ক : দৈনিক ৰাশিফল : কেনে যাব আপোনাৰ আজিৰ দিনটো