বটদ্ৰৱাৰ দীঘলী পথাৰত দুখন বাইকৰ সংঘৰ্ষত এজন যুৱকৰ মৃত্যু, আন দুজন আহত

0
93

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ভেহুগুৰিৰ দীঘলী পথাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, একে দিশৰ পৰা আহি থকা এ এছ ০২ এ জে ৯০১৩ আৰু এ এছ ০২ এ জে ০৯৮৭ নম্বৰৰ দুখন বাইকৰ মাজত সংঘটিত দুৰ্ঘটনাটোত মৃত্যু হোৱা যুৱকজনৰ নাম ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ফৰিদুল ইছলাম নামৰ যুৱকজনৰ থিতাতে মৃত্যু হৈছিল আৰু আহত হয় দুজন যুৱক।

ঘটনাস্থলত বৰিবজাৰ আৰক্ষী উপস্থিত হৈ ফৰিদুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।

ইনপুট : হেমেন ৰাজা