31 C
Guwahati
Tuesday, September 27, 2022
More

    অহা এই কেইদিনত অসম তথা উত্তৰ-পূবৰ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যতবাণী

    ১২ আগষ্ট অৰ্থাত আজিৰ পৰা ১৬ আগষ্টলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। শুকুৰবাৰে জাৰি কৰা হৈছে এই সতৰ্কবাণী।

    ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ পশ্চিম অংশত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণীবতাহৰ ফলত নিম্ন চাপৰ সৃষ্টি হৈছে। উত্তৰ বংগোপা সাগৰতো নিম্ন চাপৰ সৃষ্টি হৈছে।

    এই নিম্ন চাপৰ ফলতেই অসমকে ধৰি উত্তৰ-পূবৰ প্ৰায় কেইখন ৰাজ্যতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিজ্ঞান কেন্দ্ৰৰ মতে, এই কেইদিনত ৬৪.৫ মিমিৰ পৰা ১১৫.৪ মিমি পৰ্যন্ত বৰষুণ হ’ব।

    আনহাতে ১৩-১৬ আগষ্টৰ ভিতৰত অসমত সৰ্বাধিক বৰষুণ হ’ব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

    বতৰ বিভাগৰ মতে, শুকুৰবাৰ আৰু শনিবাৰে গুৱাহাটী আৰু আইজলত, শনিবাৰে কহিমা আৰু ইম্ফলত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং