অসম! ভাগিনীয়েকে হত্যা কৰি লুকুৱাই থ’লে মোমায়েকৰ মৃতদেহ, ঘটনা সংঘটিত কৰিয়েই পলায়ন প্ৰকাশ বৰ্মন…

0
7305

অসম! ভাগিনীয়েকে হত্যা কৰি লুকুৱাই থ’লে মোমায়েকৰ মৃতদেহ, ঘটনা সংঘটিত কৰিয়েই পলায়ন প্ৰকাশ বৰ্মন…

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা। অতি নৃশংস ভাৱে নিজৰ আপোনজনকো হত্যা কৰিবলৈ যেন একাংশই কোনো কুণ্ঠাবোধ নকৰা হৈছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে কোকৰাঝাৰৰ চালাকাটিত সংঘটিত হোৱা এটা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা।

অভিযোগ অনুসৰি, ভাগিনীয়েকে হত্যা কৰিলে নিজৰ মোমায়েকক। চালাকাটিৰ নয়াছাৰাৰ ৪নং গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। মোমায়েকক খগেন বৰ্মনক হত্যা কৰি ভাগিনীয়েক প্ৰকাশ বৰ্মনে লুকুৱাই থ’লে মৃতদেহ। ঘটনা সংঘটিত কৰিয়েই পলায়ন প্ৰকাশৰ।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।