
হোলীৰ উছাহৰ ৰাজ্যত লোমহৰ্ষক হত্যাকাণ্ড! যুৱকৰ ছুৰিকাঘাতত থিতাতে নিহত ১জন, আহত ২জন লোক…
হোলীৰ উছাহৰ মাজতে যোগীঘোপাৰ পাল্লীৰতল পালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড। যুৱকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল তৰণ দাস নামৰ লোকজনৰ।
ৰবীন চন্দ্ৰ শীল আৰু সাধন পাল নামৰ আন দুজন লোকো আঘাতপ্ৰাপ্ত। ঘটনা সংঘটিত কৰিয়ে পলায়ন কৃষ্ণ শীল নামৰ যুৱকজনৰ।
দৌলগোবিন্দ মন্দিৰত হোলীৰ পূজাত সংঘটিত হয় এই ঘটনা। পূজাস্থলীত অতৰ্কিতে উপস্থিত হৈছিল কৃষ্ণ শীল। মন্দিৰত প্ৰসাদ বিতৰণ কৰি থকাৰ সময়তে সৃষ্টি হৈছিল কাজিয়াৰ।