26 C
Guwahati
Saturday, September 18, 2021
More

    অসম-মিজোৰাম সীমা বিবাদ, প্ৰধান মন্ত্ৰীৰ উপস্থিতিত সৰ্বদলীয় বৈঠকৰ দাবীৰে গৃহ মন্ত্ৰীলৈ পত্ৰ ৰিপুন বৰাৰ

    অসম-মিজোৰামৰ মাজত চলি থকা সীমা বিবাদ সমাধান কৰাৰ বাবে সৰ্বদলীয় বৈঠকৰ দাবী জনাইছে অসমৰ কংগ্ৰেছ সাংসদ ৰিপুন বৰাই।

    ইতিমধ্যে ৰিপুন বৰাই এই সম্পৰ্কত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখিছে আৰু সৰ্বদলীয় বৈঠকত অসম আৰু মিজোৰাম দুয়োপক্ষৰ বিভাগীয় প্ৰতিনিধিক অন্তৰ্ভূক্ত কৰাৰ বাবেও আহ্বান জনাইছে।

    আনহাতে, সৰ্বদলীয় বৈঠকখন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি অনুষ্ঠিত হোৱাটো বিচাৰে অসমৰ কংগ্ৰেছ সাংসদ গৰাকীয়ে।

    বৰাই লগতে কয় যে অসম আৰু মিজোৰামৰ মাজৰ সীমা বিবাদে ক্ৰমাগতভাৱে বেয়াৰ ফালে ঢাল খাইছে গতিকে অতি শীঘ্ৰে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰ দুখনৰ লগত আলোচনাৰ মাধ্যমেৰে ইয়াৰ স্থায়ী সমাধান উলিয়াব লাগে।

    উল্লেখযোগ্য যে, ২৬ জুলাইত অসম-মিজোৰাম সীমান্ত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত ছয় গৰাকীকৈ অসম আৰক্ষীৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

    আজি অসম আৰক্ষীৰ তৰফৰ পৰা অসম আৰক্ষীৰ জোৱান হত্যাকাৰী দুৰ্বৃত্তৰ সন্ধান দিওতালৈ ৫ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছে।

    আৰু পঢ়ক : ছয় গৰাকী আৰক্ষীৰ জোৱান হত্যাকাৰীৰ সন্ধান দিওতালৈ অসম আৰক্ষীৰ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং