26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৫টাতকৈ অধিক হত্যাকাণ্ড, ডেৰ কুৰিৰো অধিক অপহৰণ, ডকাইতিৰ গোচৰত অভিযুক্ত বুবু কোঁৱৰ আৰক্ষীৰে সংঘৰ্ষত নিহত

    ১৫টাতকৈ অধিক হত্যাকাণ্ড, ডেৰ কুৰিৰো অধিক অপহৰণ, ডকাইতিৰ গোচৰত অভিযুক্ত বুবু কোঁৱৰ আৰক্ষীৰে সংঘৰ্ষত নিহত

    ১৫টাতকৈ অধিক হত্যাকাণ্ড, ডেৰ কুৰিৰো অধিক অপহৰণ, ডকাইতিৰ গোচৰত অভিযুক্ত বুবু কোঁৱৰ আৰক্ষীৰে সংঘৰ্ষত নিহত। অসম কপোঁৱা চাঞ্চল্যকৰ কৈলাশ গিনোৰীয়া হত্যাকাণ্ডৰো মূল অভিযুক্ত আছিল বুবু কোঁৱৰ ।

    উজনি অসমৰ একাধিক ব্যক্তিৰ চুপাৰী কিলাৰ বুবু কোঁৱৰ অৱশেষত আৰক্ষীৰে সংঘৰ্ষত নিহত । শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী বৰ্ডাৰ আউত পষ্টৰ সমীপত আজি ২৩ জুন তাৰিখে সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত থিতাতে মৃত্যু হয় বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

    বিগত ২২ টা বছৰত ৰাজ্যখনৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাখনত সংঘটিত একাধিক হত্যাকাণ্ড আৰু আন আন অপৰাধজনীত ঘটনাৰ মূল অভিযুক্ত আছিল বুবু কোঁৱৰ৷ অসম নগালেণ্ড সীমান্ত হালোৱাটিঙত ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায়েৰে ১৯৯৯ চনত অপৰাধ সাম্ৰাজ্যত ভৰি দিয়া বুবু কোঁৱৰে ইয়াৰ পিছতেই আৰম্ভ কৰিছিল গাড়ী চুৰি কাৰ্য্য৷

    শিৱসাগৰৰ পৰা ভাড়া লৈ গাড়ী লোৱাৰ চলেৰে ইজনৰ পিছত সিজন নিৰীহ চালকক ৰাজপথত হত্যা কৰি গাড়ী লৈ যোৱা বুবু কোঁৱৰে ২০১০ চনত মিটং দলঙৰ সমীপত যোৰহাটৰ নিৱাসী এজন বেংক পৰিচালকক হত্যা কৰিছিল৷২০১১ চনত গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপৰ নগা আলিত এখন বিলাসী গাড়ীৰ চালকক হত্যা কৰি গাড়ী চুৰি কৰি নিয়া বুবু কোঁৱৰৰ হাতত এই মুহুত্বলৈকে তেৰ জনতকৈও অধিক চালকৰ মৃত্যু হৈছে৷

    শিৱসাগৰ জিলাৰ গৌৰীসাগৰ চাৰিঙৰ নিৱাসী দুধৰ্ষ ডকাইত অনন্ত খনিকৰক বিশ্বস্ত সংগী কৰি নগালেণ্ডৰ তুলি আৰু ডিমাপুৰত নিৰাপদ আশ্ৰয়স্থল গঢ়ি তুলা বুবু কোঁৱৰে ডকাইতিৰ সমান্তৰালে পংখী দত্ত নামৰ এগৰাকী যুৱতীৰ সংযোগত উজনি অসমত প্ৰথমবাৰৰ বাবে হানী ট্ৰেপিং চক্ৰ গঢ়ি তুলিছিল৷ ২০১৩ চনত এনে হানী ট্ৰেপিং চক্ৰৰ সহায়ত নিজৰ জালত বন্দী কৰি অতি নিৰ্মম ভাৱে হত্যা কৰিছিল যোৰহাটৰ প্ৰতিস্থিত ব্যৱহায়ী কৈলাশ গিনোৰীয়াক৷

    অতি নৃশংস অপৰাধী হিচাবে পৰিচিত বুবু কোৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টিয়ক অঞ্চলত গুলিয়াই হত্যা কৰিছিল৷ ইয়াৰোপৰি বহু কেইটা হত্যাকাণ্ডৰ লগত জড়িত বুবু কোঁৱৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক হত্যা কৰাৰ অভিযোগৰ লগতো নাম সাঙুৰ খাইছিল৷

    প্ৰায় ৪০ টাত কৈও অধিক গুৰুতৰ অপৰাধৰ সৈতে জড়িত বুবু কোঁৱৰ অন্তিমবাৰৰ বাবে দিছপুৰ আৰক্ষীৰ জালত বন্দী হৈছিল৷ ডিমাপুৰত প্ৰতিদ্বন্দী গোটৰ সৈতে হোৱা সংঘৰ্ষত বুবু কোঁৱৰে গুলিৰ আঘাটত বুঢ়া আঙুলি এটা হেৰুৱাইছিল৷ পৰৱৰ্তী সময়ত নিজৰ অতি বিশ্বস্ত সংগী অনন্ত খনিকৰকো ২০১৫ চনত নগালেণ্ডত হত্যা কৰি বহু কেইটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সাক্ষ্য প্ৰমাণ চিৰদিনৰ বাবে লুপ্ত কৰাৰ অভিযোগ উঠিছিল এইজন কুখ্যাত অপৰাধীৰ ওপৰত।

    বিগত বহু কেইটা দশক ধৰি উজনি অসমৰ লগতে অসমৰ অপৰাধ জগত কঁপাই যোৱা বুবু কোঁৱৰৰ মৃত্যুত সৰ্বসাধাৰণ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছত কিদৰে বাৰে বাৰে জেলৰ পৰা মুকলি হৈ পুনৰ গুৰুতৰ অপৰাধ সংঘটিত কৰিব পাৰে সেই সন্দৰ্ভত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছ।

    Input and Photo- Sanjay Pareek

    আৰু পঢ়ক : দুটি সন্তান জন্মৰ পিছত বহুত দুখ আৰু কষ্টত আছে কৰীণা কাপুৰ, স্বামীৰ সলনি ইনষ্টাগ্ৰাম যোগে জনালে সকলো কথা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং