
অশান্ত সীমান্ত; অসমৰ ভূমিত দুটাকৈ গ্ৰেণেড বিস্ফোৰণ ঘটালে মিজো দুৰ্বৃত্তই – ভূমি বিবাদক কেন্দ্ৰ কৰি সদাই চৰ্চাত থকা অসম-মিজোৰাম সীমান্তত পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
শনিবাৰে নিশা সীমান্তৰ ধলাখালত সংঘটিত হৈছে দুটাকৈ গ্ৰেণেড বিস্ফোৰণ। যাৰ ফলত অঞ্চলটোত এতিয়া উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।
উত্থাপিত অভিযোগ অনুসৰি, নিশা অচিনাক্ত মিজো দুৰ্বৃত্তই অঞ্চলটোৰ জংঘলৰ মাজত দুটাকৈ বিস্ফোৰণ ঘটায়।
মিজো দুৰ্বৃত্তই অসমৰ ভূমিৰ তিনি কিলোমিটাৰ ভিতৰত এই গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰাৰ অভিযোগ স্থানীয় লোকৰ।
উল্লেখ্য যে, মিজোসকলে হাতে হাতে অস্ত্ৰ-শস্ত্ৰ লৈ ভয়-ভাবুকি প্ৰদানেৰে অসমৰ ভূমি দখল কৰা কাৰ্যক লৈ পুনৰ উত্তপ্ত হৈ উঠিছে সীমান্ত অঞ্চল।
ইফালে শনিবাৰে এটা পথ নিৰ্মাণ লৈও উত্তেজনাৰ সৃষ্টি হৈছিল, লগতে মিজো সকলে অসম আৰক্ষীক লক্ষ্য কৰি এটা গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰিছিল।
এই ঘটনাৰ পিছতে নিশা পুনৰ দুটা বিস্ফোৰণ সংঘটিত হোৱাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছে সীমান্তত বসবাস কৰা লোকসকল।
উল্লেখ্য যে দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমান্তকেন্দ্ৰিক বিবাদৰ ওৰ পেলাবলৈ য়োৱা ৯ জুলাইত নতুন দিল্লীত দুয়োখন ৰাজ্যৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল বৈঠকত মিলিতি হৈছিল।
এই বৈঠকত কোনো সমাধান সূত্ৰ নোলাল যদিও অতি শীঘ্ৰে দুয়ো পক্ষৰ মাজত আৰু এলানি বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
ইনপুট : ইয়াচিন মজুমদাৰ
আৰু পঢ়ক : নতুন নিৰ্দেশনা জাৰি, সকলো প্ৰকাৰৰ বিদ্যালয় প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ অনুমতি.. কিন্তু