অসমৰ ভূমিত প্ৰৱেশ কৰি মিজো যুৱকৰ উদ্ভণ্ডালি…

0
502
অসমৰ ভূমিত প্ৰৱেশ কৰি মিজো যুৱকৰ উদ্ভণ্ডালি...

অসমৰ ভূমিত প্ৰৱেশ কৰি মিজো যুৱকৰ উদ্ভণ্ডালি…

পুনৰ অসমৰ ভূমিত প্ৰৱেশ কৰি অসমীয়া সকলক ভয় ভাবুকি মিজো আৰক্ষীৰ ৷ ইয়াকে কেন্দ্ৰ কৰি কালি অসম মিজোৰাম সীমান্তৰ ধলাইখালত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷

জানিব পৰা মতে, বুধবাৰে প্ৰথমে অস্ত্ৰধাৰী দুই মিজো যুৱক ধলাইখাল গাঁৱত প্ৰবেশ কৰি মোবাইল কেমেৰাৰ জৰিয়তে গাঁওখনৰ ফটো আয়ৰু ভিডিঅ’ সংগ্ৰহ কৰে ৷

তাৰপিছত স্থানীয় লোক সকলে অস্ত্ৰ লৈ গাঁৱত প্ৰৱেশ আৰু ছবি সংগ্ৰহৰ কাৰণ সুধে আৰু তেতিয়াই যুৱক কেইজনে অংশটো মিজোৰামৰ বুলি দাবী কৰি স্থানীয় লোকৰ সকলৰ লগত বাকবিতণ্ডাত লিপ্ত হয় মিজো দুই যুবক ৷

এই ঘটনাৰ পিছতেই ৰাইজে মিজো যুৱক দুজনক অসমৰ ভূমিৰ পৰা খেদি পঠিয়াই ৷ মিজো যুৱক দুজনক খেদি পঠোৱাৰ কিছু সময়ত পিছত সশস্ত্ৰ মিজো IRP বাহিনীৰ কেইজনমান জোৱান গাঁওখনত প্ৰৱেশ কৰি স্থানীয় এজনৰ ঘৰত অৱস্থান কৰে ৷

ইয়াৰ পিছত গাঁওখনৰ ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি হয় ৷ অসমৰ ভূখণ্ডৰ তিনি কিলোমিটাৰ ভিতৰত মিজো বাহিনীৰ উপস্থিতিৰ খবৰ পাই দলবল লৈ ঘটনাস্থলীত গৈ উপস্থিত হয় ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাক্ষী নাথ আৰু অসম আৰক্ষীৰ উপস্থিতিৰ অনুমান পাই সেইস্থানৰ পৰা পলায়ন কৰে মিজো আৰক্ষী জোৱান সকল ৷

ইনপুট: ইয়াচিন মজুমদাৰ।

আৰু পঢ়ক : অসম-মেঘালয় সীমান্ত বিবাদৰ অন্ত! আজি গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে