28 C
Guwahati
Saturday, September 18, 2021
More

    ”গুলীয়াগুলীৰ পিছত মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কেৱল ‘ছৰী’ কৈছিল,LMG ৰে নিজ দেশৰ নাগৰিকক কৰা আক্ৰমণ দুৰ্ভাগ্যজনক”

    সোমবাৰে অসম-মিজোৰাম সীমান্তত হোৱা গুলীয়াগুলীত অসম আৰক্ষীৰ ৫ জন জোৱান ছহীদ হোৱাৰ লগতে প্ৰায় ৭০ জন জোৱন আহত হয়। আজি শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ ছহীদ হোৱা সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি সংবাদ মাধ্যমক সাক্ষাত কৰে।

    মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ”মিজোৰামৰ লোকে বিগত ৬ মাহ ধৰি অসমৰ ভূমি বেদখল কৰাৰ চেষ্টা কৰিছে। মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণৰ সময়তেই বিষয়টোক লৈ আলোচনা কৰিছিলো, ছেটেলাইটৰ জৰিয়তে সীমা নিৰ্ধাৰণ কৰাৰ কথা কৈছিলো। বিগত ১ মাহ ধৰি বৰাক উপত্যকাৰ কৰিমগঞ্জ, শিলচৰ , হাইলাকান্দিত এনে ঘটনা চলি আছে”।

    ‘স্থানীয় লোকৰ সহযোগত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে। LMG ৰ জৰিয়তে ৩০ মিনিট ধৰি গুলিচালনা কৰে। তাৰপিছতেই মই মিজোৰামৰ মুখ্যমন্ত্ৰীক ফোন কৰিছিলো আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কৈছিলো। তেতিয়া তেওঁ কেৱল ‘আই এম ভেৰী ভেৰী ছৰী’ বুলি কৈছিল”। এই মন্তব্য শৰ্মাৰ।

    ” মই কালি ৬ বাৰ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছো। দেশৰ গৃহমন্ত্ৰীও দুই ৰাজ্যেৰ মুখ্যমন্ত্ৰীৰে আলোচনা কৰে। গুলিচালনা কৰি থকাৰ সময়তেই মই কথা পাতি আছিলো”।

    শৰ্মাই কয় যে ”নতুনকৈ অসমৰ ১ ইঞ্চি মাটিও ল’ব পৰা নাই। সংঘৰ্ষ অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ১ টা পোষ্ট আমি CRPF ক গতাই দিছো ভাৰত চৰকাৰৰ নিৰ্দেশত”।

    মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে এদিন হ’লেও অনুসূচনা কৰিব । LMG ৰ জৰিয়তে এনেধৰনে নিজ দেশৰ নাগৰিকক আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এয়া অতি দুখজনক যে নিজৰ দেশৰ নাগৰিকৰ মৃত্যুৰ পিছত আনন্দ উল্লাল কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং