24.2 C
Guwahati
Saturday, September 18, 2021
More

    অসম আৰক্ষীৰ বাবেই অসম-মিজোৰাম সীমান্তত হিংসা হৈছে: মিজোৰাম

    অসম আৰক্ষীৰ বাবেই অসম-মিজোৰাম সীমান্তত হিংসা হৈছে: মিজোৰাম

    অসম-মিজোৰাম সীমান্তত অসম আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ মাজত হোৱা গুলীয়াগুলীৰ পৰিস্থিতি অধিক জটিল হৈ পৰে।

    ইতিমধ্যে এই গুলীয়াগুলীত ৬ জন অসম আৰক্ষী জোৱান নিহত হোৱাৰ লগতে প্ৰায় ৬৫ জন অসম আৰক্ষী জোৱান আহত হয়।

    এই সন্দৰ্ভত মিজোৰামৰ গৃহ মন্ত্ৰীয়ে এক প্ৰেচ বিবৃতিৰ জৰিয়তে স্পষ্টীকৰণ দিছে। প্ৰেছ বিবৃতিত উল্লেখ থকা অনুসৰি অসম আৰক্ষীৰ প্ৰায় ২০০ গৰাকী জোৱান দিনৰ ১১.৩০ মান বজাত মিজোৰামত প্ৰৱেশ কৰিছিল আৰু চি আৰ পি এফৰ পোষ্টত আক্ৰমণ কৰে। তাৰপিছতেই অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা বিভিন্ন বাহনত আক্ৰমণ কৰিছিল।

    অসম আৰক্ষীয়ে সীমান্তৰ গাঁৱৰ জনসাধাৰণৰ ওপৰত লাঠি চাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে মিজোৰামে।

    এই ঘটনাৰ পিছতেই মিজোৰামৰ ফালৰ পৰা ঘটনাৰ বিষয়ে সমাধান কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও অসম আৰক্ষীৰ তৰফৰ পৰা সঁহাৰি পোৱা নাছিল বুলি অভিযোগ মিজোৰামৰ।

    সন্ধিয়া ৪.৫০ মান বজালৈ এই ঘটনা চলি থাকে আৰু তাৰ পিছতেই মিজোৰাম আৰক্ষীয়ে গুলীৰে প্ৰত্যুত্তৰ দিয়ে বুলি প্ৰেছ বিবৃতিত উল্লেখ্য কৰে।। মিজোৰামে অভিযোগ উত্থাপন কৰি কয় যে এই সমগ্ৰ হিংসা অসম আৰক্ষীৰ বাবেই সংঘটিত হৈছে।

    উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত মিজোৰাম আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰিছে। উল্লেখ্য যে, মিজোৰাম চৰকাৰে অসম আৰক্ষীৰ অনুপ্ৰৱেশ কৰা কাণ্ডক কঠোৰ নিন্দা কৰিছে। লগতে এই সীমা বিবাদৰ সমাধান বিচাৰিছে।

    আৰু পঢ়ক : ”সফল সৰ্বানন্দক আঁতৰাই হিমন্তক মুখ্যমন্ত্ৰী,বিজেপিৰ উদ্দেশ্য কেৱল ৰাইজৰ মন ভুলোৱা” বিস্ফোৰক মন্তব্য…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং