26 C
Guwahati
Thursday, September 16, 2021
More

    মিজো আৰক্ষীয়ে আক্ৰমণত সহায় কৰিছিল দুৰ্বৃত্তক, ভিডিঅ’ত স্পষ্ট সকলো: অসম চৰকাৰ

    মিজো আৰক্ষীয়ে আক্ৰমণত সহায় কৰিছিল দুৰ্বৃত্তক, ভিডিঅ’ত স্পষ্ট সকলো: অসম চৰকাৰ

    মিজোৰাম-অসম সীমান্তত হোৱা আক্ৰমণৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰে।

    এক প্ৰেছ বিবৃতিত চৰকাৰে কয় যে মিজোৰামে অসমৰ ৰেংটিবস্তিত অবৈধ ভাৱে পথ নিৰ্মাণ কৰিছিল। তাৰপিছত লাইলাপুৰৰ বনাঞ্চল ধ্বংস কৰিছিল মিজোয়ে।

    এই সমগ্ৰ ঘটনা সম্পৰ্কে অসম আৰক্ষীৰ তৰফৰ পৰা মীমাংসা কৰাৰ বাবে চেষ্টা কৰা হৈছিল যদিও মিজোৰামৰ তৰফৰ পৰা এইবোৰ অব্যাহত আছিল।

    অসম চৰকাৰে কয় যে মিজোৰামৰ তৰফৰ পৰা চলোৱা হৈছিল আক্ৰমণ। মুৰত হেলমেট পিন্ধি সংঘৰ্ষত‌ ভাগ লৈছিল মিজো দুৰ্বৃত্তই। মিজো আৰক্ষীয়ে মিজো দুৰ্বৃত্তক সহায় কৰিছিল আৰু ইয়াৰ প্ৰমান আছে বুলি দাবী কৰে অসম চৰকাৰে।

    উল্লেখ্য যে মিজোৰামৰ তৰফৰ পৰা প্ৰথমে শিলগুটি নিক্ষেপ কৰা হয় তাৰপিছত মিজো আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল ‌‌‌‌‌‌কন্দুৱা গেছ আৰু চলাই গৈছিল গুলী।

    অসম আৰক্ষীয়ে কোলাছিব আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক লগত ঘটনা সন্দৰ্ভত আলোচনা কৰিছিল যদিও মিজোৰামৰ তৰফৰ পৰা অব্যাহত আছিল আক্ৰমণ ্্। মিজোৰামে অসম আৰক্ষীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল লাইট মেচিনগান।

    আৰু পঢ়ক : অসম-মিজোৰাম বিবাদ: মিজো আৰক্ষীয়ে লাইট মেচিনগানেৰে অসম আৰক্ষীৰ ওপৰত চলাইছিল আক্ৰমণ,

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং