29 C
Guwahati
Monday, September 20, 2021
More

    মিজো আৰক্ষীয়ে এইবাৰ দখল কৰিলে সীমান্তত থকা অসমীয়াৰ ঘৰ, অসম আৰক্ষীয়ে ব্যৱস্থা নলোৱাৰ অভিযোগ

    অসমৰ এক ইঞ্চি মাটি মিজোৰামক এৰি দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰাৰ কিছু সময় পিছতেই কৰিমগঞ্জ জিলাৰ ৰাতাবাড়ি সমষ্টিৰ ছোটভুবিৰবন্দ গাঁওৰ মিজোৰাম সীমান্তত থকা তিনিটা পৰিয়ালৰ ঘৰ দখল কৰিলে মিজো ৰামৰ আৰক্ষীয়ে ।

    মিজোৰামৰ আই আৰ বেটেলিয়ান অসমীয়াৰ ঘৰ দখল কৰাৰ পিছত ঘৰখন এৰি আহিব লগাত পৰিল ভি ৰংখল, এল মোলসম আৰু ডি সাকাচেপৰ পৰিয়াল।

    অসম আৰক্ষী কেম্পৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত থকা ঘৰ তিনিটা এতিয়া মিজো আৰক্ষীৰ দখলত আছে। মিজো আৰক্ষীয়ে ঘৰ কেইটাত বাঙ্কাৰ নিৰ্মাণ কৰি যুদ্ধ কৰিবলৈ সাজু হৈ আছে বুলি জানিব পৰা গৈছে।

    কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা সীমান্তত থকা অসম আৰক্ষীৰ কেম্পত উপস্থিত হৈ মিজো আগ্রাসনৰ বুজ লয় কিন্তু এতিয়ালৈকে অসম চৰকাৰ কিংবা অসম আৰক্ষীৰ ফালৰ পৰা নতুনকে দখল কৰা অসমীয়াৰ ঘৰ উভতাই অনাৰ বাবে কোন বিশেষ পদক্ষেপ পৰিলক্ষিত হোৱা নাই ।

    ইনপুট: মনোজ মোহান্তি

    আৰু পঢ়ক : ঘৰৰ চৌহদত কুৱাঁ খান্দি আছিল, কুৱাঁৰ ভিতৰৰ পৰা উদ্ধাৰ ৭০০ কোটিৰো অধিক মূল্যৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং