25.2 C
Guwahati
Monday, September 20, 2021
More

    সমাধান হোৱাৰ দিশে অসম-মিজোৰামৰ সীমা সমস্যা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

    সমাধান হোৱাৰ দিশে অসম-মিজোৰামৰ সীমা সমস্যা, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

    বন্ধুত্বপূৰ্ণভাবেৰে সমাধান হোৱাৰ দিশে অসম-মিজোৰামৰ সীমা সমস্যা। দুয়োখন ৰাজ্যৰ সমস্যা সমাধান কৰাৰ বাবে কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰা হ’ব বিবদমান এলেকাত। কেন্দ্ৰীয় গৃহ বিভাগে এই কথা জনাইছে এক বিজ্ঞপ্তি যোগে।

    দুয়ো ৰাজ্যৰে মুখ্যমন্ত্ৰীয়ো সন্মতি প্ৰকাশ কৰিছে কেন্দ্ৰৰ এই সিদ্ধান্তত। ২৮ জুলাই বুধাবাৰে দুয়ো ৰাজ্যৰ প্ৰতিনিধি সৈতে বৈঠকত বহে গৃহ মন্ত্ৰালয়। সেই বৈঠকতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন। কেন্দ্ৰৰ ফালৰ পৰা সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰাৰ পিছতে দুয়ো ৰাজ্যৰ নিজা নিজা আৰক্ষী বাহিনী বিবাদমান এলেকাৰ পৰা আতৰি আহিব লাগিব।

    প্ৰায় ৩ ঘণ্টা ধৰি চলা এই বৈঠকত অসম আৰু মিজোৰামৰ ফালৰ পৰা বহু কেইগৰাকী শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত থাকে। আলোচনাৰ পিছতে দুয়ো ৰাজ্যৰ সহমতি লৈ কেন্দ্ৰৰ ফালৰ পৰা নিউটেল ফোৰ্চ মোতায়েন কৰিব। ৩০৬ নং ঘাইপথতো থাকিব কেন্দ্ৰীয় সেনা।

    আৰু পঢ়ক : ”বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধীৰ লগ হোৱাটো অত্যন্ত আৱশ্যক” কংগ্ৰেছৰ লগত হাত মিলাব মমতাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং