26 C
Guwahati
Thursday, September 16, 2021
More

    মিজো দুৰ্বৃত্তৰ গুলীত নিহত অসম আৰক্ষীৰ ৬ জোৱান, আহত ৬৫ জন,হিমন্তই ক’লে…

    অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি ক্ৰমান্বয়ে অধিক জটিল হৈ পৰিছে। অসম আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ মাজত হোৱা গুলীয়াগুলিত অসম আৰক্ষীৰ ৬ জন জোৱান নিহত হয়।

    বৰ্তমানলৈকে প্ৰায় ৬৫ জন আহত হোৱা বুলি জানিব পৰা গৈছে।

    ৪৫ জন আৰক্ষী চিকিতসাধীন হৈ আছে শিলচৰ মেডিকেল কলেজত।

    শ্বহীদ হোৱা লোক কেইজন হ’ল-মজৰুল হক,চপন ৰয়, চামচুৰ জামান বৰভূঞা, লিটন শূক্লবৈদ্য,চামচুলহক। বাকী এজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই।

    এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি শোক প্ৰকাশ কৰে।

    আৰু পঢ়ক : ”আৰক্ষীক গুলি খাব দিব নোৱাৰি বুলি কৈছিল হিমন্তই, আজি সীমান্তত গুলি খালে আৰক্ষীয়ে” মুখ্যমন্ত্ৰীৰ গুৰুত্ব ক’ত?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং