
নগাঁৱৰ ডিমৌত মন্ত্ৰী কেশৱ মহন্তৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত। কনভয় বাহনৰ সৈতে টাটা মোবাইলৰ সৈতে হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত আহত ৩ গৰাকী অসম আৰক্ষী জোৱান। অৱশ্যে কেশৱ মহন্তই যাত্ৰা কৰা বাহনখনৰ কোনোধৰণৰ ক্ষতিসাধন হোৱা নাই। বোকাখাতলৈ গৈ আছিল মন্ত্ৰীগৰাকী।