পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক বদলি, ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন

0
218

পুৱতি নিশা পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত অসম চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক শাস্তিমূলক বদলি কৰা হৈছে।

ইয়াৰ উপৰি, জিৰিকিডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথ, খেৰণি বনাঞ্চলৰ বন সুৰক্ষা বিষয়া শ্বিখাৰী ইংহীক নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে।

ইফালে গুলীচালনাৰ ঘটনাত প্ৰাণ হেৰুওৱা ছয়জনকৈ লোকৰ আত্মীয়লৈ পাঁচলাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে অসম চৰকাৰে।

আনহাতে অসম চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্ত কেন্দ্ৰীয় তথা নিৰপেক্ষ তদন্তকাৰী সংস্থাক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অসম-মেঘালয় সীমান্তত অসম আৰক্ষী আৰু বন বিভাগৰ এটা দলে অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰি ট্ৰাকখনৰ চালক, হেণ্ডিমেন আৰু আন এজন ব্যক্তিক আটক কৰাৰ বিপৰীতে আন কিছুমানে পলায়ন কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী পৰ্যায়ত কাঠভৰ্তি ট্ৰাকখন আৰু আটক কৰা লোক কেইজনক এৰি দিয়াৰ দাবীত মেঘালয়ৰ শতাধিক খাচী লোকে হাতে হাতে দা, যাঠি-জোং লৈ খেদি আহে অসমৰ আৰক্ষী আৰু বন কৰ্মীৰ দলটোক। 

এই উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে আক্ৰমণকাৰী লোক কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে। আৰু এই গুলীচালনাতে পাঁচজন খাচী লোক নিহত হোৱাৰ বিপৰীতে খাচী লোকৰ আক্ৰমণত এজন বনকৰ্মীয়ে প্ৰাণ হেৰুৱায়।