27 C
Guwahati
Monday, June 14, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসম-মেঘালয় সীমা বিবাদ! অসমৰ ৮ বিঘা ভূমিক মেঘালয়ৰ অগ্ৰাসন…

    অসম-মেঘালয় সীমা বিবাদ! অসমৰ ৮ বিঘা ভূমিক মেঘালয়ৰ অগ্ৰাসন :-

    পশ্চিম কাৰ্বি আংলং জিলাৰ অসম আৰু মেঘালয় সীমান্তত অব্যাহত আছে সীমা বিবাদ ।অসম চৰকাৰৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে মেঘালয়ে অসমৰ ৮ বিঘা ভূমিত কৰিছে আগ্ৰাসন।

    ইতিমধ্যে মেঘালয়ৰ এই আগ্ৰাসন অব্যাহত থকাত আতংকিত হৈ পৰিছে সীমান্তবাসী ৰাইজ।ফলত শনিবাৰে উমখ্ৰীমী অঞ্চলত কাৰ্বি ছাত্ৰ সন্থা আৰু আহৈ কাচিংঠুৰ আমেই যৌথভাবে সীমা সুৰক্ষাৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে অনুষ্ঠিত কৰা হয় এক প্ৰতিবাদী সভা।

    প্ৰতিবাদকাৰী সকলে সীমা সমস্যা ৰোধ কৰাৰ লগতে খাতখাচলা অঞ্চলত সীমান্ত আৰক্ষী চকী স্থাপন, লগতে সীমান্ত বাসী ৰাইজৰ পানী,চিকিৎসা আৰু শিক্ষাৰ সমস্যাও শীঘ্ৰে সমাধান কৰাৰো জনাইছে দাবী।

    এইক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে এক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী দুই সংগঠনে।

    আৰু পঢ়ক : চণ্ডালৰূপী প্ৰেমিকঃ প্ৰেমিকাক হত্যা কৰি দেৱালত প্লাষ্টাৰ কৰি সমাধিস্থ কৰিলে প্ৰেমিকে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং