উত্তপ্ত অসম-মেঘালয় সীমান্ত; ৬জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা, ৭খন জিলাত ইণ্টাৰনেট কৰ্তন, এজাহাৰ দাখিল মেঘালয় আৰক্ষীৰ

0
1327

সীমান্তকেন্দ্ৰিক সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলি থকাৰ সময়তে আজি পুৱতি নিশা পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মক্ৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ মৃতকৰ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে।

মৃত লোক কেইজনৰ ভিতৰত পাঁচজন মেঘালয়ৰ বাসিন্দা আৰু এজন অসম বনৰক্ষী জোৱান বুলি জানিব পৰা গৈছে। এই তথ্য প্ৰদান কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

ইফালে এই উত্তেজনাময় পৰিৱেশৰ পিছতে মেঘালয়ৰ সাতখন জিলাত অহা ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰো ঘোষণা কৰে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ উপৰি, মেঘালয়ত উদযাপন হ’বলগীয়া সকলো চৰকাৰী কাৰ্যসূচীও বাতিল কৰিছে মেঘালয় চৰকাৰে।

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই সংবাদ মাধ্যমৰ আগত এই সকলোবোৰ তথ্য জানিব দি গুৰুতৰ অভিযোগ কৰে যে অসম আৰক্ষী আৰু বনৰক্ষীৰ দলে মেঘালয়ৰ ভূমিত প্ৰৱেশ কৰি এই ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰিছিল।

ইতিমধ্যে মেঘালয় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলিও জনায়।

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা জনাইছে যদিও এই পৰ্যন্ত অসম চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।

অৱশ্যে নিৰাপত্তাৰ খাতিৰত যোৰাবাট-খানাপাৰা আৰু শিলচৰ হৈ মেঘালয়লৈ যোৱা সকলো ধৰণৰ অসমৰ বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে।   

উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অসম-মেঘালয় সীমান্তত অসম আৰক্ষী আৰু বন বিভাগৰ এটা দলে অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত ট্ৰাকখন পলাবলৈ চেষ্টা কৰাৰ সময়তে বনৰক্ষী বাহিনীয়ে ট্ৰাকখনলৈ গুলীচালনা কৰি এটা টায়াৰ পাংচাৰ কৰে। লগে লগে ট্ৰাকখনৰ চালক, হেণ্ডিমেন আৰু আন এজন ব্যক্তিক আটক কৰাৰ বিপৰীতে আন কিছুমানে পলায়ন কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী পৰ্যায়ত কাঠভৰ্তি ট্ৰাকখন আৰু আটক কৰা লোক কেইজনক এৰি দিয়াৰ দাবীত মেঘালয়ৰ শতাধিক খাচী লোকে হাতে হাতে দা, যাঠি-জোং লৈ খেদি আহে অসমৰ আৰক্ষী আৰু বন কৰ্মীৰ দলটোক। 

এই উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে আক্ৰমণকাৰী লোক কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে। আৰু এই গুলীচালনাতে পাঁচজন খাচী লোক নিহত হোৱাৰ বিপৰীতে খাচী লোকৰ আক্ৰমণত এজন বনকৰ্মীয়ে প্ৰাণ হেৰুৱায়।

উল্লেখ্যে দীৰ্ঘদিন ধৰি চলি থকা সীমাকেন্দ্ৰিক সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যই কেইবালানিও বৈঠকত মিলিত হৈ শীমান্তকেন্দ্ৰিক সমস্যাৰ আংশিক সমাধান কৰিবলৈ সক্ষম হৈছিল যদিও শেহতীয়া এই গুলীচালনাৰ ঘটনাই পুনৰ দুয়োখন ৰাজ্যৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব বুলি আংশকা কৰা হৈছে।