31 C
Guwahati
Thursday, September 23, 2021
More

    বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে অসমৰ যুৱক পংকজ কলিতাই

    বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে অসমৰ যুৱক পংকজ কলিতাই

    বহিঃ ৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ ছিল্কীঝাৰৰ যুৱকে ৷

    আৰ্থিক দৈন্যতাৰ বাবে মুম্বাইস্থিত চিচেগা এন্টাৰপ্ৰাইজ নামৰ এটা ব্যক্তিগত কোম্পানিত প্ৰায় ছমাহ আগতে কাম কৰিবলৈ গৈছিল গোৰেশ্বৰৰ ছিল্কীঝাৰৰ পংকজ কলিতাই।

    শনিবাৰে নিশা কৰ্মৰত অৱস্থাত বুকুত মেচিনৰ খুন্দা খাই অকাল মৃত্যুক সাৱটিলে ছিল্কীঝাৰ নিবাসী হলাধৰ কলিতাৰ তৃতীয় পুত্ৰ পংকজ কলিতাই ৷

    পংকজ কলিতাৰ অকাল মৃত্যুৰ সময়ত এগৰাকী পত্নী সহ এটি দুবছৰীয়া পুত্ৰ সন্তান , মাতৃ ৰেণু কলিতা আৰু তিনিজন কৈ ককাই – ভাই লগতে আত্মীয় স্বজন এৰি থৈ যায় ৷

    উল্লেখ্য যে বহিঃ ৰাজ্যৰ একাংশ কোম্পানীৰ গুৰুত্বহীনতাৰ বাবে বহু লোকে প্ৰান হেৰুৱাব লগীয়া হৈছে ৷ তেওঁৰ নিজ ভাতৃ দ্বিগম কলিতাৰ সৰলতাৰ সুযোগ লৈ এখন উকা দলিলত চহী লৈ পচিশ হাজাৰ টকা দি কোম্পানীটোৱে মৃতদেহটো বিমানযোগে পঠাই দিয়ে, এই কৰ্মক ধিক্কাৰ দিছে স্থানীয় ৰাইজে।

    আগন্তুক সময়ত চিচেগা এন্টাৰপ্ৰাইজ নামৰ কোম্পানীটোৰ বিৰুদ্ধে আইনৰ কাষ চাপিব স্থানীয় ৰাইজে লগতে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ এক সু বিচাৰ কৰি দিয়াৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে।

    ইনপুট: অভিজিত তালুকদাৰ

    আৰু পঢ়ক : ৰে’ল ষ্টেশ্যনত কিশোৰীক ধৰ্ষণ, ভূক্তভোগীৰ এজাহাৰ গ্ৰহণ কৰাৰ অমান্তি দুখন থানা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং