26 C
Guwahati
Thursday, September 16, 2021
More

    ”বিগত ২০ বছৰত ১০% শতাংশ হ্ৰাস পাইছে অসমীয়াৰ সংখ্যা,অনাগত ১০ বছৰত সংখ্যালঘূত পৰিণত হ’ব”

    ”বিগত ২০ বছৰত ১০% শতাংশ হ্ৰাস পাইছে অসমীয়াৰ সংখ্যা,অনাগত ১০ বছৰত সংখ্যালঘূত পৰিণত হ’ব”

    ‘পাঁচ নং দফা হৈছে অসম চুক্তিৰ আত্মা৷ আত্মাক হত্যা কৰি চুক্তি ৰূপায়ন কৰিম বুলি কোৱাটো এটা প্ৰতাৰণা৷ এনে প্ৰতাৰণা মানি লোৱা নহয়৷’ – মূলতঃ এই বক্তব্যৰে ৰাজপথলৈ ওলাই আহিছে অসম জাতীয় পৰিষদ দল৷ নৱগঠিত ৰাজনৈতিক দলটোয়ে আজি অসম চুক্তিৰ পাঁচ আৰু ছয় নম্বৰ দফা কাৰ্যকৰী কৰা আৰু অসমত কা’ বলৱৎ নকৰাৰ দাবীৰে ৰাজ্যজুৰি ‘জাতীয় গৰ্জন’ কাৰ্যসূচী পালন কৰে৷

    উল্লেখযোগ্য যে কা’-বিৰোধী আন্দোলনৰ সময়ত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি নেতাসকলে অসম চুক্তিক অপ্ৰাসংগিক বুলি মত প্ৰকাশ কৰিছিল৷ কিন্তু চৰকাৰ গঠনৰ পিছত অসম চুক্তি ৰূপায়নৰ নামত এলানি সভা-সমিতি পাতি চুক্তিখনৰ ৫ আৰু ৬নং দফাক বাদ দি বাকী দফাসমূহত উল্লেখিত কিছুমান কম গুৰুত্বপূৰ্ণ কাম কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ অথচ উক্ত দুয়োটা দফাত উল্লেখিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ তথা অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বিষয়টো চৰকাৰে স্পষ্টভাৱে উপেক্ষা কৰিছে৷

    কাৰ্যসূচীৰ শেষত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সভাপতি গগৈ আৰু সাধাৰণ সম্পাদক ভূঞাই কয়, “এন ডি এ চৰকাৰে সংসদত নাগৰিকত্ব (সংশোধনী) আইন গৃহীত কৰি ইতিমধ্যেই অসম চুক্তিৰ আত্মাক হত্যা কৰিলে৷ ৬নং দফা কাৰ্যকৰী কৰাৰ জৰিয়তে অসমীয়া জাতিক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা হ’ব বুলি আশ্বাস দি কেন্দ্ৰীয় চৰকাৰে বিপ্লৱ শৰ্মা কমিটী গঠন কৰি দিছিল৷ উক্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত ডেৰ বছৰতকৈ অধিক সময় ধৰি দিছপুৰত অৱহেলিত হৈ পৰি থাকিল৷ গতিকে অসমীয়া মানুহক বিজেপি নেতৃত্বাধীন চৰকাৰে কৰা এই প্ৰতাৰণাৰ বিৰুদ্ধে জনমত গঠন কৰাটো সময়ৰ আহ্বান৷ জাতীয় গৰ্জন কাৰ্যসূচীৰ জৰিয়তে জাতিসত্বাক সুৰক্ষিত কৰাৰ সংগ্ৰামখন পুনৰ শক্তিশালী ৰূপত গঢ় দিয়াৰ প্ৰয়াস চলোৱা হৈছে৷”

    জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে দলীয় বিবৃতিটোত কয় যে ১৯৫১ চনৰ পিছত প্ৰতিটো লোকপিয়লত অসমত অসমীয়াভাষী লোকৰ হাৰ প্ৰতি বিশ বছৰত দহ শতাংশ হিচাপে হ্ৰাস পাই ২০১১ চনত ৪৭ শতাংশ হৈছে৷ ২০৩১ চনৰ লোকপিয়লত এই হাৰ ৩৭ শতাংশলৈ নামি আহিব বুলি ধাৰণা কৰা হৈছে৷ তাৰ মানে অনাগত দহ বছৰৰ পিছত অসমত অসমীয়া জাতি সংখ্যালঘুত পৰিণত হ’ব৷ তেতিয়া অসমীয়া জাতিক সুৰক্ষিত কৰাৰ বিষয়টো অবান্তৰ হৈ পৰিব৷ তেনে পৰিস্থিতিৰ পৰা অসমীয়া মানুহক ৰক্ষা কৰিবলৈ হ’লে সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো এতিয়াই নিষ্পত্তি কৰিব লাগিব৷

    “ধৰ্মৰ ভয় দেখুৱাই শাসন চলাই থকা বিজেপি দলে অসমীয়া মানুহৰ ভাষা হেৰুওৱাৰ উপক্ৰম হোৱাৰ বিষয়টো সন্দৰ্ভত নিমাত৷ ধৰ্মৰ ভিত্তিত সমাজখনক ভাগ কৰা বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ অসমীয়া বিদ্বেষী কাৰ্যকলাপ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে৷ ২০৩১ চনত অসমত অসমীয়া মানুহ যে সংখ্যালঘুত পৰিণত হ’ব, সেই কথা উপলব্ধি কৰি অসম জাতীয় পৰিষদে জাতীয় অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ সংগ্ৰামখন তীব্ৰ ৰূপত আগবঢ়াই নিবলৈ সংকল্পবদ্ধ৷”

    আৰু পঢ়ক : মাজুলী অভিশপ্ত দুৰ্ঘটনা- প্ৰথমে মৃতদেহ, এতিয়া চিকিৎসক গৰাকীৰ বেগ উদ্ধাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং