গণৰাজ্য দিৱসৰ দিনটোতে আহিছে ভাল খবৰ, অসমৰ আমিনগাঁৱত স্থাপন হ’ব ইছৰোৰ কেন্দ্ৰ

0
92
গণৰাজ্য দিৱসৰ দিনটোতে আহিছে ভাল খবৰ, অসমৰ আমিনগাঁৱত স্থাপন হ'ব ইছৰোৰ কেন্দ্ৰ

৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যলৈ আহিছে এক সুখবৰ। এফালে দিল্লীত কৃষক আন্দোলনৰ হিংসাই চৰম সীমা পোৱাৰ বিপৰীতে অসমৰ আমিনগাঁৱত ইছৰোৰ কেন্দ্ৰ স্থাপন হোৱাৰ খবৰ আহিছে।

উল্লেখ্য যে, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মুখ্য কেন্দ্ৰটো তখা উৎক্ষেপণ কেন্দ্ৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত আছে । ইয়াৰ নাম সতীশ ধৱন মহাকাশ কেন্দ্ৰ। কিন্তু দেশৰ প্ৰথমটো কেন্দ্ৰ আছে কেৰালাৰ থিৰুৱন্থপুৰমত, নাম- বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰ।

বৰ্তমানে দেশৰ মুঠ ২০ স্থানত আছে ভাৰতীয় মহাকাশ গৱেষণাৰ কেন্দ্ৰ। মেঘালয়ৰ শ্বিলঙতো এটা কেন্দ্ৰ আছে ইয়াৰ। আৰু এতিয়া ইয়াৰ একবিংশতম কেন্দ্ৰটো অসমৰ আমিনগাঁৱত স্থাপন কৰিব বুলি সদৰি কৰিছে।

উল্লেখ্য যে, ২০১৭ চনতে অসমত ইছৰোৰ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত লৈছিল। কেৱল ইয়াৰ বাবে সঠিত স্থান হে নিৰ্ণয় কৰিব পৰা নাছিল চৰকাৰ। আজি শেষত সেই সঠিক স্থানৰ বিষয়ে সদৰি কৰে। ব্ৰহ্মপুত্ৰৰ পাৰতে স্থাপন হব কেন্দ্ৰটো।

মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে সদৰি কৰি কয় যে, মহাকাশ গৱেষণা কেন্দ্ৰটোৰ বাবে আমিনগাঁৱত সঠিত ভুমি নিৰ্ধাৰণ কৰা হৈছে দিনটোতে |

আৰু পঢ়ক : ভয়ংকৰ অঘটন, বনভোজ খাবলৈ গৈ যাত্ৰী সৈতে নাও ডুবিল ব্ৰহ্মপুত্ৰত