
ছাত্ৰ জীৱনৰ বহু আকাংশীত দুটা পৰীক্ষা। দশম আৰু দ্বাদশ, যি দুটা পৰীকক্ষাক লৈ ছাত্ৰ-ছাত্ৰী সকলৰ জড়িত হৈ থাকে বহু আশা আকাংশা। যি দুটা পৰীক্ষাৰ ফলাফলৰ বাবেও ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলৰো উৎকণ্ঠাৰ অৱশান নাই।
পিছে সেই দুটা পৰীক্ষাৰেই ফলাফল এইবাৰ কৰ’ণা লকডাউনৰ বাবে সদৰি কৰিব পৰা নাই শিক্ষা বৰ্ডে। ফেব্ৰুৱাৰী মাহত হৈ যোৱা পৰীক্ষা সমূহৰ ফলাফলৰ বাবে এতিয়া অধিৰ আগ্ৰহেৰে বাট চাইছে সকলোৱে। দুয়োটা পৰীক্ষাৰেই ফলাফল প্ৰতিবছৰে মে’ মাহত দিয়া হয় যদিও এইবাৰ এইক্ষেত্ৰত কিছু পলম হয়।
তথাপিয়ো অসম মাধ্যমিক শিক্ষা সংসদ (HSLC) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে(HSLC) চেষ্টা অব্যাহত ৰাখিছে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ৩০ জুনৰ ভিতৰত ঘোষণা কৰিবৰ বাবে। অৱশ্যে লকডাউন খোলাৰ পিছতহে ফলাফল ঘোষণা কৰিব।
Photo Credit: Time8