পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

0
226
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যত দেখা দিয়া ভয়নাক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি এই সিদ্ধান্ত গ্ৰহণ কৰে।

শিক্ষা সংসদে পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত পৰীক্ষা অনুষ্ঠিত নহয় বুলিও জানিবলৈ দিয়ে।

১৮ মে’ অৰ্থাত বুধবাৰৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা।

উল্লেখ্যে যে, বিগত কিছুদিনৰ পৰা অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাচাওৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে বহু কেইখন জিলাত যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছে আৰু এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা সংসদে পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আৰু পঢ়ক :- ছাত্ৰীক অভব্য আচৰণৰ অভিযোগত শিক্ষক দোস্ত মহম্মদ ছাফিক জেইললৈ প্ৰেৰণ