এজনীয়ে নাজানে আনজনীৰ কথা, এজনী এজনী কৈ দুজনীক বিয়া পাতিলে গৃহৰক্ষী জোৱানে, কিন্তু তৃতীয়জনীৰো প্ৰৱেশ জীৱনত

0
15734

এজনীয়ে নাজানে আনজনীৰ কথা, এজনী এজনী কৈ দুজনীক বিয়া পাতিলে গৃহৰক্ষী জোৱানে, কিন্তু তৃতীয়জনীৰো প্ৰৱেশ জীৱনত

এফালে চৰকাৰী চাকৰি। পেছাত গৃহৰক্ষী জোৱান। কিন্তু চাকৰিৰ সমানে চলাই গৈছে দুগৰাকী পত্নীৰ সৈতে সংসাৰ। তাৰে মাজতো সময় উলিয়াই তৃতীয় এগৰাকীৰ সৈতেও সুসম্পৰ্ক গঢ়ি তুলিছে স্বামীয়ে।

এই কাহিনী বাইহাটা চাৰিআলিৰ আৰক্ষী থানাত কৰ্মৰত তপন মালি নামৰ এগৰাকী গৃহৰক্ষী জোৱানৰ। আৰক্ষী থানাৰ কৰ্তব্য সুন্দৰভাৱে কৰি যোৱাৰ লগতে মিলাই গৈছে বহু পত্নীৰ পৰিয়াল। কিন্তু বহু বছৰলৈ জানিব দিয়া নাই এজনীৰ কথা আনজনিক।

আনকি প্ৰথমা পত্নীৰ সন্তান নিজৰ লগত থকাৰ পাছতো বিয়া পতা নাই বুলি দ্বিতীয় গৰাকীক বিয়া পাতি পত্নীৰ স্বিকৃতি প্ৰদান কৰাৰ লগতে এখন বৈবাহিক স্বুক্তিপত্ৰও সম্পন্ন কৰে। দ্বিতীয় পত্নী গুৱাহাটী কাহিলীপাৰা নিবাসী ।

দ্বিতীয় পত্নীৰে সৈতে ভাড়ালৈ লোৱা ঘৰত কেইবা বছৰ ধৰি দাম্পত্য জীৱন ঠিকে থাকে চলি থকাৰ সময়তে পুনৰ আন এগৰাকী মহিলাৰ সৈতে তপন মালিৰ সম্পৰ্ক গঢ়ি উঠে।

কিন্তু এইবাৰ ভাগ্য বেয়া আছিল তপন মালিৰ। দ্বিতীয় পত্নীয়ে প্ৰথমা পত্নীক প্ৰত্যক্ষ কৰাত দুয়োৰে মাজত মনোমালিন্য আৰম্ভ হয়।

ইফালে এটা ঔষধ কোম্পানীত কাম কৰা দ্বিতীয় পত্নীয়ে কৰ্মসূত্ৰে সময়ে সময়ে স্বামীৰ পৰা দূৰত থাকিব লগীয়া হোৱাৰ সুযোগ গ্ৰহণ কৰে খাকী পোছাক পৰিধান কৰা এইজন প্ৰৱঞ্চক কাষ চাপে তৃতীয় এগৰাকীৰ।

কিন্তু ঘটনা সন্দৰ্ভত অৱগত হোৱাত দ্বিতীয় পত্নীয়ে আহি ভাৰালৈ লোৱা এটা ঘৰত নিশা আন এগৰাকী মহিলাৰ সৈতে উদ্ধাৰ কৰে প্ৰৱঞ্চক স্বামীক।

দ্বিতীয় পত্নীৰ আগমনৰ উমান পায় পিছ দুৱাৰেৰে পলায়ন কৰে প্ৰৱঞ্চক তপন মালিয়ে। কিন্তু আৰু ৰৈ থকাৰ সময় নাই লগে লগে আৰক্ষীৰ কাষ চাপি প্ৰৱঞ্চক স্বামীৰ বিৰুদ্ধে গোচৰ তৰে থানাত।