উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী প্ৰকাশ, ১৫ মাৰ্চৰ পৰা হ’ব পৰীক্ষা

0
346
পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যৰ বৰ্ধিত ক’ভিড পৰিস্থিতিৰ মাজতে আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচী ঘোষণা কৰে।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা সূচী অনুসৰি ১৫ মাৰ্চ মঙলবাৰৰ পৰা পৰীক্ষা আৰম্ভ হ’ব আৰু ১২ এপ্ৰিলত এই পৰীক্ষাৰ সামৰণি পৰিব।

বিভিন্ন বিষয়ৰ পৰীক্ষা সমূহ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৪.৩০লৈ দুটা শাখাত অনুষ্ঠিত হ’ব।

পৰীক্ষা সূচী

ইপিনে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ব্যাৱহাৰিক পৰীক্ষা সমূহ ২১ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হৈ ১০ মাৰ্চত সামৰণি পৰিব।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে বৰ্তমান সময়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত বহিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলকে ক’ভিড ভেকচিন প্ৰদান কৰি আছে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মূল পৰীক্ষাৰ পূৰ্বে ৰাজ্যৰ পৰীক্ষাত বহিবলগীয়া সকলো ছাত্ৰ-ছাত্ৰীক ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

আৰু পঢ়ক : হিন্দু যুৱতীৰ সৈতে ঘুৰি আছিল মুছলমান যুৱক, প্ৰহাৰৰ সন্মুখিন স্থানীয় লোকৰ