29 C
Guwahati
Saturday, August 6, 2022
More

    উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৪৮, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

    অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰিলে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

    ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১,৫৬,১০৭ গৰাকী৷

    ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ২৯৪৮৭ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫২,৯৪৪ গৰাকী আৰু তৃতীয় বিভাগত ৪৭,৮৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

    সৰ্বমুঠ উত্তীৰ্ণ ১,৩০,৩২৪ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৮৩.৪৮ শতাংশ।

    ঠিক সেইদৰে বিজ্ঞান শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৩৩,৫৩৪ গৰাকী৷

    ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ২০,১৭১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৯৮৩৩ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৯১১ গৰাকী ছাত্ৰ-ছাত্ৰী।

    সৰ্বমুঠ উত্তীৰ্ণ ৩০,৯১৫ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ হৈছে ৯২.১৯ শতাংশ।

    আনহাতে, বাণিজ্য শাখাত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১৫১৯৯ গৰাকী৷

    ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ ৫০১৮ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫১৮৬ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩০৬০ গৰাকী ছাত্ৰ-ছাত্ৰী।

    সৰ্বমুঠ উত্তীৰ্ণ ১৩,২৬৪ গৰাকী আৰু  উত্তীৰ্ণৰ হাৰ হৈছে ৮৭.২৭ শতাংশ।

    শিক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল আৰু ডিজিটেল মাৰ্কশ্বিট এই ৱেবচাইট সমূহত লাভ কৰিবলৈ সক্ষম হ’ব—

    www.assamresult.in

    www.NeCareer.com

    www.ahsec.assam.gov.in

    www.assamjobalerts.com

    www.schools9.com

    www.results.shiksha

    www.indiaResults.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং